পৌৰসভা নিৰ্বাচনঃ নাজিৰা মহকুমাত দুজন প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰ ৷

PR NEWS ASSAM নাজিৰা ,২০ ফেব্ৰুৱাৰী:
অহা ইংৰাজী ৬ মাৰ্চ ২০২২ তাৰিখে অনুষ্ঠিত হ’বলগীয়া নাজিৰা পৌৰসভা নিৰ্বাচনৰ বাবে নাজিৰা আৰু শিমলুগুৰি পৌৰসভাৰ অন্তৰ্গত ২০টা ৱাৰ্ডৰ বাবে যোৱা ইংৰাজী ১৫ ফেব্ৰুৱাৰী ২০২২ তাৰিখে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিনা সৰ্ব্বমুুঠ ৫১ জন প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছিল। যোৱা ১৭ ফেব্ৰুৱাৰী তাৰিখে মনোনয়ন পৰীক্ষণৰ অন্তত আটাইকেইখন অৰ্থাৎ ৫১ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ পোৱা গৈছিল। আজি ইংৰাজী ২০ ফেব্ৰুৱাৰী তাৰিখে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিনা মুঠ দুজন প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰে।
উল্লেখযোগ্য যে, মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰা প্ৰাৰ্থী কেইগৰাকী হৈছে মৌচুমী দত্ত দাস (নিৰ্দলীয়) ৱাৰ্ড নং ৩, শিমলুগুৰি আৰু আনন্দ শৰ্মা (কংগ্ৰেছ ) ৱাৰ্ড নং ৪, শিমলুগুৰি।

মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰাৰ পাছত নাজিৰা আৰু শিমলুগুৰি পৌৰ সভাত মুঠ ৪৯জন প্ৰাৰ্থীয়ে নিৰ্বাচনৰ বাবে প্ৰতিদ্বন্দিতা কৰিব।

ইফালে, দুই পৌৰসভাৰ নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰাৰ বাবে সকলো যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে৷ অসম অসামৰিক সেৱাৰ বিষয়া তথা অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ উপসচিব তৰালী দাসক দুয়োখন পৌৰসভাৰ বাবে নিৰ্বাচনী পৰ্যবেক্ষক হিচাপে নিযুক্তি দিয়া হৈছে আৰু তেওঁ নিৰ্বাচনী প্ৰস্তুতি সন্দৰ্ভত তদাৰক কৰি আছে৷ভোটদানৰ তাৰিখ ইংৰাজী ৬ মাৰ্চ পুৱা ৮ বজাৰ পৰা বিয়লি ৪ বজালৈকে। ভোট গণনাৰ দিন ৯ মাৰ্চ পুৱা ৮ বজাৰ পৰা ধাৰ্য্য কৰা হৈছে। এই বিষয়ে নাজিৰা মহকুমা তথ্য আৰু জনসংযোগ বিভাগে এক প্ৰেছ বিজ্ঞপ্তিযোগে সদৰী কৰিছে৷