পোষ্টমৰ্টেম ৰিপ’ৰ্টত সন্দেহ ৷ নম্ৰতাৰ মৃত্যু ৰহস্যৰ দিশে ৷

ঘনে-ঘনে সলনি হৈছে দৃশ্যপট। তদন্ত অব্যাহত আৰক্ষীৰ৷

PR NEWS ASSAM :ক্ৰমাৎ সঘনে সলনি হৈছে দৃশ্যপট। যুৱতী নম্ৰতাৰ মৃত্যুক এতিয়া কেৱল ৰহস্যৰ গোন্ধ ৷ দাবী কৰা অনুসৰি দুৰ্ঘটনাৰ তদন্ত কৰি আৰক্ষীয়ে লাভ কৰিছে ৰহস্য আৰু বহুতো তথ্য৷ মৃত নম্ৰতা বৰাৰ পোষ্টমৰ্টেম ৰিপ’ৰ্টত আৰক্ষীয়ে পাইছে ৰহস্য।যোৱা বুধবাৰে নংপো অসামৰিক চিকিৎসালয়ত সম্পন্ন হোৱা যুৱতী নম্ৰতাৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰিছিল আৰক্ষীয়ে। শেহতীয়াকৈ আৰক্ষীয়ে পোষ্টমৰ্টেম ৰিপ’ৰ্টৰ প্ৰাথমিক তথ্যত সন্দেহজনক ভাৱে চকু দিছে আৰক্ষীয়ে। হাইৱে’ৰ কাষত ৰৈ থকা ট্ৰাকত হোণ্ডাই আলক্ৰেজাৰ বাহনখনে তীব্ৰবেগত খুন্দাত থিতাতে নম্ৰতা ঢুকাল যদিও, ৰহস্যজনকভাৱে নম্ৰতাৰ লগত থকা ৪ বন্ধুৰ এজনেও আঘাত নোপোৱা৷সময় বাগৰাৰ লগে লগে অধিক ঘনখোৰ ৰহস্যৰ মাজত সোমাই পৰিছে অধিবক্তা নম্ৰতা বৰাৰ মৃত্যুকাণ্ড। ফাদিল হৈছে এটাৰ পিছত আন এটা বিস্ফোৰক তথ্য। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অনুৰোধত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ নিৰ্দেশ পাই নম্ৰতা কাণ্ডৰ তদন্ত অধিক ক্ষিপ্ৰ হৈছে নংপো আৰক্ষী ৷