অসম চৰকাৰৰ পুৰাতত্ত্ব বিভাগৰ উপ সঞ্চালক নৱজিত দেউৰীৰ নেতৃত্বত পুৰাতত্ত্ব বিভাগৰ লোকে নাজিৰাৰ ঐতিহাসিক বৰবৰুৱা পুখুৰীটো পৰিদৰ্শন কৰি বিভাগীয় ভাবে এই ঐতিহাসিক সম্পদ সংৰক্ষিত কৰাৰ প্ৰচেষ্টা চলোৱা হ’ব বুলি স্থানীয় ৰাইজক অৱগত কৰে ৷ পৰিদৰ্শনকাৰী দলটোত শিৱসাগৰ জিলাৰ পুৰাতত্ত্ব বিষয়া কংকনজ্যোতি শইকীয়া, ৰাজহ মন্ত্ৰী যোগেন মহনৰ বিশেষ কৰ্তব্যৰত বিষয়া সহ পুৰাতত্ত্ব বিভাগৰ আন বহুকেইজন লোক উপস্থিত আছিল৷