PR NEWS ASSAM নাজিৰা: অসমৰ আটাইকেইখন জিলাৰ লগতে শনিবাৰে নাজিৰা সমষ্টিৰ অন্তৰ্গত জল জীৱন মিছনৰ অধীনত “পানী যোগান আঁচনিৰ টেপ সংযোগৰ ব্যৱস্থা” উদ্বোধন কৰে বিধায়ক দেৱব্ৰত শইকীয়ায়ে। এই অনুষ্ঠানত নাজিৰা মহকুমাৰ মহকুমাধিপতি সব্যসাচী কাশ্যপ উপস্থিত থাকে।বিধায়ক দেৱব্ৰত শইকীয়ায়ে চৰকাৰৰ এই পদক্ষেপক ধন্যবাদ জনাই আৰু মহকুমাখনত এই আঁচনিৰ এতিয়ালৈকে হোৱা অগ্ৰগতিৰ বাবে মহকুমা প্ৰশাসন তথা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়া সকলৰ দক্ষতাৰ শলাগ লৈ আগন্তুক দিনত একেই ধৰণে ৰৈ যোৱা কাৰ্য সমূহ সম্পূৰ্ণ কৰি তুলিবলৈ আহ্বান জনায়।
মহকুমাধিপতি সব্যসাচী কাশ্যপে এই আঁচনিৰ দ্বাৰা নাজিৰাৰ বৃহৎ সংখ্যক লোক উপকৃত হব বুলি আশা ব্যক্ত কৰে। লগতে তেওঁ উপভোক্তা সমিতি ৰ বিষয়ে উল্লেখ কৰি কয় যে এই সমিতিয়ে বহু ক্ষেত্ৰত জনসাধাৰণক সহায় কৰিব।পানী যোগান আঁচনিসমূহ কেৱল চৰকাৰৰ সম্পত্তি নহয় বৰং ৰাইজৰ সম্পত্তি বুলি উল্লেখ কৰি এনে আঁচনিসমূহক জীয়াই ৰখাৰ ক্ষেত্ৰত দায়বদ্ধতাৰে কাম কৰিবলৈ মহকুমাধিপতি গৰাকীয়ে পঞ্চায়ত প্ৰতিনিধি সকলক আহ্বান জনায় ৮১.৪ লাখ টকাৰ ব্যয়েৰে নিৰ্মীয়মান এই আঁচনিয়ে নাজিৰা মহকুমাৰ ২৮২টা পৰিয়ালক ঘৰে ঘৰে বিশুদ্ধ খোৱা পানী যোগান ধৰিব। উল্লেখ্য যে, আজি উদ্বোধন কৰা আঁচনি কেইখন হ’ল- যোগী জতকীয়া, মলা গাওঁ, কাহিকুছি আৰু হুলাংকাটনী পানী যোগান আঁচনি।উক্ত অনুষ্ঠানত বিধায়ক দেৱব্ৰত শইকীয়া, নাজিৰা মহকুমাৰ মহকুমাধিপতি সব্যসাচী কাশ্যপ, জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ কাৰ্য্যবাহী অভিযন্তা মনজুৰুল হক, সহকাৰী কাৰ্য্যবাহী অভিযন্তা ৰাজেন ফুকনকে ধৰি আন বহু কেইজন ব্যক্তি উপস্থিত থাকে।
নাজিৰা সমষ্টিত জলজীৱন অভিযানৰ অধীনত নলযোগে ঘৰে ঘৰে পানী যোগান ব্যৱস্থাৰ শুভাৰম্ভ বিধায়ক দেৱব্ৰত শইকীয়াৰ ৷
