PR NEWS ASSAM : অসমৰ প্ৰশাসনিক সংস্কাৰক এক নতুন গতি দিয়াৰ উদ্দেশ্যেৰে অসম চৰকাৰৰ শিক্ষামন্ত্ৰী তথা শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী ডা: ৰণোজ পেগুৱে নাজিৰা মহাবিদ্যালয়ৰ খেলপথাৰত আয়োজিত জনসভাত উপস্থিত থাকি নাজিৰা মহকুমাক নাজিৰা সমজিলা ৰূপে আনুষ্ঠানিকভাৱে ঘোষণা কৰে। উক্ত সমজিলা সমাৰোহৰ বিশিষ্ট অতিথি ডা: ৰণোজ পেগুৱে নিজৰ ভাষণত উল্লেখ কৰে যে, “অসম চৰকাৰৰ এক অভিনৱ পদক্ষেপ হৈছে সমজিলা গঠন। এই সমজিলা গঠন হৈছে প্ৰত্যেক গৰাকী নাগৰিকৰ বাবে অত্যাৱশ্যকীয় চৰকাৰী সেৱা প্ৰদানৰ এক দৃঢ় প্ৰচেষ্টা।” তদুপৰি, মন্ত্ৰী গৰাকীয়ে নিজৰ ভাষণ প্ৰসংগত অসম চৰকাৰৰ বিভিন্ন উন্নয়ন মূলক আচঁনি সমূহৰ বিষয়ে এটি চমু আভাস আগবঢ়ায়। নাগৰিকৰ জীৱনৰ মানদণ্ড উন্নত কৰা, এই আঁচনি সমূহৰ ভূমিকা মন্ত্ৰী গৰাকীয়ে ৰাইজক অৱগত কৰোৱাৰ লগতে এই আঁচনি সমূহৰ সফল ৰূপায়নত জনসাধাৰণৰ সক্ৰিয় সহযোগিতা গুৰুত্বপূৰ্ণ বুলি মত প্ৰকাশ কৰে। বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা আজিৰ এই অনুষ্ঠানত আদৰণি ভাষণ আগবঢ়াই নাজিৰা সমজিলাৰ আয়ুক্ত শ্ৰীযুতা কণিকাই। তেখেতে কয় যে চৰকাৰৰ এই বলিষ্ঠ পদক্ষেপে জনসাধাৰণৰ বাবে চৰকাৰী সেৱাসমূহ লাভ কৰাত আৰু অধিক সুচল কৰি তুলিব । ইয়াৰ পূৰ্বে শিক্ষামন্ত্ৰী গৰাকীয়ে নাজিৰা মহকুমাৰ মহকুমাধিপতি কাৰ্যালয়ত উপস্থিত হৈ নাজিৰা সমজিলা আয়ুক্তৰ কাৰ্য্যালয়ৰ শুভ উদ্বোধন ও ফলক উন্মোচন কৰি বৃক্ষ ৰোপন কাৰ্যসূচীত অংশগ্ৰহণ কৰে। লগতে নাজিৰাৰ অধিবক্তাসকলৰ সৈতে কিছু মত বিনিময় কৰে ৷ উক্ত সমজিলাৰ অনুষ্ঠানত থাওৰা বিধান সভা সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁই, শিৱসাগৰ জিলাৰ আয়ুক্ত আয়ুষ গৰ্গ, জিলা উন্নয়ন আয়ুক্ত সমীৰণ বৰা, নাজিৰা সমজিলাৰ আয়ুক্ত কণিকা, নাজিৰা বিধায়ক দেৱব্ৰত শইকীয়াৰ প্ৰতিনিধি লক্ষী সন্দিকৈ , টাই আহোম উন্নয়ন পৰিষদৰ অধ্যক্ষ ময়ুৰ বৰগোহাঁই, আৰ্টফেডৰ উপাধ্যক্ষ প্ৰহ্লাদ গোৱলা, নাজিৰা,শিমলুগুৰি আৰু আমগুৰি পৌৰসভাৰ পৌৰপতি ক্ৰমে বৰ্ণালী চেতিয়া, কবিতা মেচ আৰু অনামিকা বৈশ্য নেওগ, নাজিৰাৰ সহকাৰী আয়ুক্ত সকল, বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰী সকল, জ্যেষ্ঠ নাগৰিক সকল,নাজিৰাৰ ছপা আৰু বৈদ্যুতিন মাধ্যমৰ সংবাদ কৰ্মীসকল, নাজিৰাৰ বিশিষ্ট ব্যক্তি সকলৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকে ।