নাজিৰা সমজিলাৰ গেলেকীত স্থাপন হব ইথানল প্ৰস্তুতিৰ বাবে উদ্যোগ৷

অসম বাসীৰ বাবে এটা ভাল খবৰ। আপোনাৰ বাৰীত থকা বাহেৰে এটিয়া প্ৰস্তুত হব ইন্ধন।চাহৰ খেতিৰ দৰে বাঁহৰ খেতিৰেও এটিয়া আপুনিও হব পাৰিব স্বাৱলম্বী। এই কথা জনালে নুমলীগড় বায় ৰিফাইনেৰীৰ কৰ্তৃপক্ষই ৷ Finland ৰ দুটা কোম্পানী কম্পলিচ আৰু ফ্ৰটামৰ সহযোগত নুমলীগড়ত স্থাপন কৰা  Assam Bio Ethanol Private Limited ৰ প্ৰজেক্টৰ কাম প্ৰায় ৯৫% সমাপ্ত হৈছে ৷ কিছুদিনৰ পূৰ্বে ইয়াৰ প্ৰাৰম্ভিক প্ৰস্ততিৰ কাম সমাপ্ত কৰি নমুনা প্ৰস্তত কৰি সাৰ্থকটা লাভ কৰিলে কোম্পানীতোয়ে ৷ প্ৰথমে কেছা মাল প্ৰস্তুতৰ বাবে সৰ্বমুঠ ১৭ খন জিলাক সামৰি প্ৰস্তুত কৰা হব এই বিশেষ ব্যৱস্থ ৷নুমলীগড় ৰিফাইনেৰি কৰ্তৃপক্ষৰ এটা সজাতি দলে গেলেকীৰ গাৰুপৱন জন্ট ফৰেষ্টৰ যৌথ উদ্যোগত স্থাপন কৰা কমলাবাৰী বাঁহখেতি পৰিভ্ৰমণ কৰি ইথানল প্ৰস্তুতৰ বহু কথা অৱগত কৰে ৷ ইয়াৰ পাছতে গেলেকীৰ বাঁহ খেতিয়ক সকলক সামৰি গেলেকীৰ কমলাবাৰীৰ মেজাঙ্কৰি ভৱনত এক সভা অনুষ্ঠিত কৰা হয় ৷ এই সভাতেই ৰিফাইনেৰী কৰ্তৃপক্ষয় গেলেকীৰ কলগাওঁত ইথানলৰ প্ৰস্তুতিৰ বাবে  ব্যৱহিত কেচামাল সমূহ তৈয়াৰ কৰিবৰ বাবে বাহৰ উদ্যোগ স্থাপন কৰাৰ কথা অৱগত কৰে ৷ ইয়াৰ ওপৰিও খেতিয়ক সকলে কেনেকৈ লাভাম্বিত হব বা খেতিয়ক সকলে পাবলগা সুবিধা সমূহৰ বিষয়ে বিতংভাবে অৱগত কৰে ৰিফাইনেৰী কৰ্তৃপক্ষই ৷এটিয়া একাংশ চাহ খেতিয়কে বাঁহ ৰোপণ কৰিবৰ বাবে প্ৰস্তুতি চলাইছে ৷