PR NEWS ASSAM : ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকাৰী তথা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকাৰীৰ নিৰ্দেশত, শিৱসাগৰ জিলা আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত নাজিৰা সমজিলাত ১৪ জুন, ২০২৫ তাৰিখে ৰাষ্ট্ৰীয় লোক আদালত আয়োজন কৰা হ’ব। উক্ত ৰাষ্ট্ৰীয় লোক আদালতৰ জৰিয়তে ন্যায়িক আদালত সমূহত আপোচযোগ্য বিভিন্ন গোচৰ যেনে ফৌজদাৰী গোচৰ, দেৱানী গোচৰ, পাৰিবাৰিক গোচৰ , মটৰ দুৰ্ঘটনা দাবী ন্যায়ধিকৰণৰ গোচৰ,চেক বাউন্স গোচৰ, ৰাজহ সংক্রান্তীয় গোচৰ আদিৰ ব্যয়হীন, খৰতকীয়া নিষ্পত্তিৰ ব্যৱস্থা কৰা হ’ব। ইয়াৰ উপৰিও বেংকৰ লেনদেন (ঋণ) সম্বন্ধীয় গোচৰ, টেলিফোন বিল, বিদ্যুৎ মাচুল ,ট্রেফীক চালান সম্পর্কীয় বিবাদসমূহ নিষ্পত্তিৰ ব্যৱস্থা কৰা হৈছে। ৰাইজৰ সুবিধাৰ্থে উক্ত গোচৰসমূহৰ আগতীয়া শুনানিৰো ব্যৱস্থা কৰা হৈছে। এনে ধৰণৰ শুনানি বা লোক আদালতৰ সুযোগ গ্ৰহণ কৰি নাজিৰা সমজিলাৰ জাননীপ্রাপ্ত লোকসকলে নাজিৰা ন্যায়িক দণ্ডাধীশৰ আদালতলৈ আহি যোগাযোগ কৰি নিষ্পত্তিৰ সুবিধা ল’ব পাৰে।বিশদভাৱে জানিবলৈ হ’লে শিৱসাগৰ জিলা আইন সেৱা প্ৰাধিকাৰীৰ কাৰ্যালয়ৰ লগতো যোগাযোগ কৰিব পাৰিব ৷
প্ৰতিবেদক,পংকজ মহন্ত,9957209708