নাজিৰা সমজিলাত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস : সাংবাদিকতাৰ মাধ্যম আৰু অৱস্থিতিৰ ওপৰত আলোচনা চক্ৰ৷

PR NEWS ASSAM : ৰাজ্যৰ লগতে আজি নাজিৰা সমজিলাতো মহকুমা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্য্যালয়ৰ উদ্যোগত তথা নাজিৰা সমজিলা প্ৰশাসনৰ সহযোগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰা হয় । বন্তি প্ৰজ্বলনেৰে সভাৰ শুভাৰম্ভ কৰে নাজিৰা সমজিলাৰ আয়ুক্ত শ্ৰীযুতা কণিকাই ৷আদৰণি ভাষণত উপস্থিত সংবাদসেৱী সকলক ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ শুভেচ্ছা ও অভিনন্দন জ্ঞাপন কৰি কয় যে, “গণতন্ত্ৰৰ অতন্দ্ৰ প্ৰহৰী বাবেই  সংবাদ মাধ্যমক গণতন্ত্ৰৰ  চতুৰ্থ স্তম্ভ বুলি কোৱা হয়। শাসন যন্ত্ৰ আৰু জনসাধাৰণৰ মাজত হেতু বন্ধন কৰি এটা সুন্দৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে এখন দেশ পৰিচালনা কৰাত সংবাদ মাধ্যমে যোগ যোগ ধৰি অনবদ্য অৱদান আগবঢ়াই আহিছে।” তদুপৰি সাংবাদিক সকলক দেশৰ বাবে আদৰ্শ হৈ নিজৰ কৰ্মৰাজিত আগবাঢ়ি যাবলৈ আহ্বান জনায়। আজিৰ এই অনুষ্ঠানত নেক্সটজেন স্মাৰ্ট এডুকেশ্বন ফাউণ্ডেশ্যনৰ পৰিচালনা সঞ্চালিকা পূৰবী বৰুৱা বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকি এইবাৰৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ বিষয় “সংবাদ মাধ্যমৰ পৰিৱৰ্তিত ৰূপ” সন্দৰ্ভত নিজৰ বক্তব্য আগবঢ়ায়।  নিজৰ ভাষণ প্ৰসংগত উল্লেখ কৰে যে গণতান্ত্ৰিক দেশ এখনক দুৰ্নীতি মুক্ত আৰু নিকা সমাজ হিচাবে গঢ়ি তুলাত সংবাদ মাধ্যমৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে।  সাংবাদিক সকলে বিভিন্ন প্ৰতিকুল অৱস্থাকো নেওচি সত্য নিষ্ঠা সংবাদ পৰিৱেশনেৰে নিজৰ কৰ্তব্য দায়বদ্ধ ভাৱে সম্পাদন কৰে। তদুপৰি অসম ট্ৰিবিউন, অসমীয়া প্ৰতিদিন আৰু আমাৰ অসমৰ সংবাদদাতা ক্ৰমে শিৱ গগৈ, মিন্টু চিত্ৰকাৰ আৰু দিলীপ হাজৰিকাই সংবাদ মাধ্যম তথা সাংবাদিক সকলৰ ভূমিকাৰ উপৰত নিজৰ নিজৰ বক্তব্য আগবঢ়ায়। প্ৰেছ দিৱসটি অকল আলোচনাতে সীমাবদ্ধ নাথাকি সাংবাদিক সকলৰ সাংস্কৃতিক দিশ সমূহক উজ্বলাই উঠাৰ প্ৰয়াসেৰে এক সাংস্কৃতিক কাৰ্য্যসূচীৰো আয়োজন কৰা হয়। এই , কবিতা আবৃত্তি কৰে ডি.ৱাই ৩৬৫ ৰ সংবাদদাতা বিপিন হাজৰিকা আৰু নিউজ লাইভৰ সংবাদদাতা নৱজ্যোতি বুঢ়াগোহাঁইয়ে আৰু পেৰ’ডি গীত পৰিৱেশন কৰে জেষ্ঠ্য সাংবাদিক মুনিন্দ্ৰ নাথ শইকীয়াই। নাজিৰা নগৰস্থিত এমচি ক্লাৱত বৃহত্তৰ নাজিৰা সাংবাদিকসকলৰ উদ্যোগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ কাৰ্যসচী পালন কৰা হয়৷ ভিন্ন  মিডিয়াৰ সংস্পৰ্শত সংবাদ মাধ্যমৰ অৱস্থিতি বিষয়কলৈ আলোচক হিচাবে উপস্থিত থাকে অসম ৰাজ্যিক সাংবাদিক সংস্থাৰ কাৰ্যকৰী সভাপতি মনোজ বৰঠাকুৰ সভাত সঞ্চালক হিচাবে উপস্থিত থাকে বিশিষ্ট সাংবাদিক দুৰ্লভ বুঢ়াগোহাঁই,বিশিষ্ট নিবন্ধকাৰ দিলিপ বুঢ়াগোহাঁই, সাংবাদিক ধ্ৰুৱজ্যোতি সন্দিকৈকে ধৰি কেইবাজনো সাংবাদিক ৷স্মৃতি তৰ্পণ কৰে জেষ্ঠ্য সাংবাদিক বুলু চেতিয়াই৷ সভাত সাংবাদিক খাইৰুল হাছান,ভাস্কৰজ্যোতি বৰগোহাঁই,ধ্ৰুৱজোতি গগৈ,পংকজ মহন্ত,চৰিফ আলী,অনন্ত কলিতাকে ধৰি নাজিৰা মহকুমাৰ সাংবাদিকসকল ৷