PR NEWS ASSAM নাজিৰা, ১৫ আগষ্ট, ২০২৫: নাজিৰা সমজিলাত দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয়। নাজিৰা সমজিলা প্ৰশাসনৰ উদ্যোগত নাজিৰা জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত আয়োজিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি নাজিৰা সমজিলা আয়ুক্ত কণিকাই আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে।ইয়াৰ পূৰ্বে আয়ুক্তগৰাকীয়ে দেশৰ স্বাধীনতাৰ হকে হেলাৰঙে প্ৰাণ আহুতি দিয়া বীৰ শ্বহীদ সকলক স্মৰণ কৰি নাজিৰা গান্ধী ময়দানত অনুষ্ঠিত শ্বহীদ তৰ্পণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে।ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ পিছত কুচ-কাৱাজত অংশগ্ৰহণ কৰা আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীৰ অভিবাদন গ্ৰহণ কৰে। কুচ – কাৱাজ কাৰ্যসূচীত নাজিৰাৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰী সকলে অংশগ্ৰহণ কৰে। নাজিৰা সমজিলা আৰক্ষী বিষয়া তুষাৰ দেশাইৰ উপস্থিতিত প্ৰদান কৰা ভাষণত সমজিলা আয়ুক্তয়ে দেশৰ বীৰ শ্বহীদ, মুক্তি-যুঁজাৰু সকলৰ চৰম ত্যাগ আৰু আত্মবলিদানৰ বিষয়ে শ্ৰদ্ধাৰে সোঁৱৰাৰ লগতে দেশৰ সীমান্ত আৰু আভ্যন্তৰীণ সুৰক্ষাত নিয়োজিত নিৰাপত্তা বাহিনী সমূহৰ সাহস আৰু পৰাক্ৰমৰ কথা কৃতজ্ঞতাৰে স্মৰণ কৰে। নিজ ভাষণত তেওঁ কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে সমজিলা খনৰ সৰ্বোত্তম উন্নতিৰ লক্ষ্যৰে গ্ৰহণ কৰা জনকল্যানকামী আঁচনি সমূহৰ বিষয়ে উল্লেখ কৰি এই সমূহৰ সফল ৰূপায়ণৰ বাবে জনসাধাৰণৰ পূৰ্ণ সহযোগিতা কামনা কৰে। তেওঁ সমজিলাতোৰ শিক্ষা, স্বাস্থ্য, গ্ৰামোন্নয়ণ, কৃষি তথা ইয়াৰ সহযোগী খণ্ড, শক্তি, পথ- যোগাযোগ, জনস্বাস্থ্য কাৰিকৰী, নগৰ উন্নয়ন আদি বিভাগৰ অধীনস্থ আঁচনি সমূহৰ দ্ৰুত আৰু ফলপ্ৰসূ ৰূপায়ণৰ ক্ষেত্ৰত সমজিলা প্ৰশাসনে অগ্ৰাধিকাৰ প্ৰদান কৰি আহিছে বুলি উল্লেখ কৰে। স্বাধীনতা দিৱস উপলক্ষে আয়োজিত পেৰেডত জৱাহৰ নৱোদয় বিদ্যালয়ৰ এন. চি.চি দলে প্ৰথম, নাজিৰা মহাবিদ্যালয়ৰ এন. চি.চি দলে দ্বিতীয় আৰু নাজিৰা উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ এন. চি.চি দলে তৃতীয় স্থান লাভ কৰে। তদুপৰি, স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা বিভিন্ন প্ৰতিযোগিতাৰ বিজয়ী সকলকো আজি পুৰস্কৃত কৰা হয়, স্বাধীনতা দিৱস উপলক্ষে পুৱা ৫ বজাৰ পৰা ৬ বজালৈ প্ৰভাত ফেৰী আৰু দেশপ্ৰেমমূলক গীত-মাত প্ৰচাৰ, পুৱা ৭ বজাত নিজ নিজ বাসগৃহত ৰাষ্ট্ৰীয় পতাকা উত্তোলন, পুৱা ৭-৩০ বজাত সকলো শিক্ষানুষ্ঠান, চৰকাৰী, বে-চৰকাৰী, অৰ্ধ-চৰকাৰী কাৰ্য্যালয়ত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হয়।উল্লেখ্যযোগ্য যে, এইবাৰৰ স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠানে সকলোকে আকৰ্ষণ কৰিবলৈ সক্ষম হয়৷ অনুষ্ঠানত নাজিৰা সমজিলা অন্তৰ্গত বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা মুঠ ৪৪ গৰাকী ব্যক্তিক সমজিলা প্ৰশাসনৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়।ইয়াৰ পাছতে শিমলুগুৰি বৃদ্ধাশ্ৰমত, গেলেকীস্থিত “জ্যোতি গৃহ”ত প্ৰশাসনৰ তৰফৰ পৰা অত্যাৱশ্যকীয় সামগ্ৰী আৰু লিগিৰী পুখুৰীস্থিত কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহকুমা চিকিৎসালয়ত ফল – মূল বিতৰণ কৰা হয়।স্বাধীনতা দিৱসৰ মূল কাৰ্যসূচীত নাজিৰা বিধান সভা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়া, সমজিলা প্ৰশাসনৰ বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়া সকল, কৰ্মচাৰী সকল, আৰক্ষী প্ৰশাসন, সাধাৰণ নাগৰিক তথা নাজিৰাৰ ছপা আৰু বৈদ্যুতিন মাধ্যমৰ সংবাদ কৰ্মীসকল উপস্থিত থাকে। অনুষ্ঠানৰ অন্তত সমজিলাবাসী ৰাইজে যি ধৰণে প্ৰশাসনক সঁহাৰি জনালে তাৰ বাবে সমূহ ৰাইজক সমজিলা আয়ুক্ত কণিকাই কৃতজ্ঞতা জ্ঞাপন কৰে।
—নাজিৰা সমজিলাত ৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপন—
