অসম চৰকাৰৰ নিৰ্দেশ মৰ্মে নাজিৰা সমজিলা আয়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত সমজিলাখনৰ অন্তৰ্গত দুৰ্গা পূজা সমিতিসমূহলৈ আৰ্থিক অনুদান প্ৰদানৰ কাৰ্য্যসূচী অনুষ্ঠিত কৰা হয়। এই অনুষ্ঠানত নাজিৰা সমজিলা অন্তৰ্গত মুঠ ৪৬ খন পূজা সমিতিলৈ ১০,০০০ টকাৰ চেক প্ৰদান কৰা হয়। নাজিৰা বিধান সভা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়া, সমজিলা আয়ুক্ত শ্ৰীযুতা কণিকা আৰু টাই আহোম উন্নয়ন পৰিষদৰ অধ্যক্ষ ময়ুৰ বৰগোহাঁই পূজা সমিতিৰ আয়োজকসকল উক্ত চেকসমূহ প্ৰদান কৰে।