PR NEWS ASSAM: অসমৰ মুখ্যমন্ত্ৰী ড° শিমন্ত বিশ্ব শৰ্মাৰ মাৰ্গদৰ্শনত আৰু মাননীয় স্বাস্থ্যমন্ত্ৰী শ্ৰী অশোক সিংঘল ডাঙৰীয়াৰ নেতৃত্বত ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন অসমৰ এক বিশেষ পদক্ষেপ। ৰাজ্যৰ শিশু – কিশোৰসকলৰ সুস্বাস্থ্য সুনিশ্চিত কৰিবলৈ আয়োজন কৰা হৈছে “মেগা স্বাস্থ্য মেলা ২০২৫”। শুশ্ৰূষা সেতু শীৰ্ষক এই কাৰ্য্যসূচী ১৮ ছেপ্টেম্বৰৰ পৰা ৰাজ্যৰ ১২৬ টা বিধান সভা সমষ্টিত শুভাৰম্ভ কৰা হব। অসমৰ সৰ্ববৃহৎ এই বিনামূলীয়া স্বাস্থ্য শিবিৰত ১৮ বছৰৰ তলৰ শিশু আৰু কিশোৰ কিশোৰী সকলৰ হৃদযন্ত্র, স্নায়ু, বংশানুক্রমিক ৰোগ, যকৃত, বৃক্ক, চকু আৰু নাক-কাণৰ ৰোগকে ধৰি ৫০ বিধৰো অধিক ৰোগৰ বিনামূলীয়া পৰীক্ষাৰ সুবিধা উপলব্ধ থাকিব।”সেৱা সপ্তাহ” উদযাপনৰ অংশস্বৰূপে, নাজিৰা বিধানসভা সমষ্টিৰ বাবে এই বিশেষ স্বাস্থ্য শিবিৰ চকীমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত, পুৱা ৯ বজাৰ পৰা, অহা ২৬ ছেপ্টেম্বৰত অনুষ্ঠিত কৰা হ’ব, য’ত ১৮ বছৰৰ তলৰ শিশু আৰু কিশোৰ কিশোৰী সকলে নিজৰ স্বাস্থ্যৰ বিনামূলীয়া পৰীক্ষা কৰিব পাৰিব।স্বাস্থ্য পৰীক্ষাৰ উপৰিও তেওঁলোকক প্ৰয়োজন সাপেক্ষে চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হ’ব আৰু প্ৰয়োজনত চৰকাৰী আঁচনিৰ অধীনত উন্নত চিকিৎসালয়ত উন্নত চিকিৎসাৰ বাবেও এই প্ৰক্ৰিয়াৰ জৰিয়তে সুব্যৱস্থা লোৱা হ’ব। উল্লেখ্য যে, আয়ুষ্মান ভাৰত – প্ৰধানমন্ত্ৰী জন – আৰোগ্য যোজনা, স্নেহ স্পৰ্শ, অসম আৰোগ্য নিধি, মিছন স্মাইল আদি সকলো সেৱাৰ সৈতে এই শিবিৰসমূহ সংযুক্ত থাকিব।
নাজিৰা সমজিলাত ১৮ বছৰৰ তলৰ শিশু আৰু কিশোৰ কিশোৰী সকলৰ বাবে বিনামূলীয়া মেগা স্বাস্থ্য শিবিৰ ৷
