নাজিৰা সমজিলাত মাদক দ্ৰব্য সেৱন বিৰোধী অভিযান :বাল্য বিবাহ আৰু সামাজিক সমস্যা সন্দৰ্ভত সজাগতা সভা৷

PR NEWS ASSAM: ৪ ছেপ্টেম্বৰ: শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত তথা নাজিৰা সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া কাৰ্যালয়, স্বাস্থ্য বিভাগ, জিলা শিশু সুৰক্ষা বিষয়াৰ কাৰ্যালয় আৰু জিলা সমাজ কল্যাণ বিষয়া কাৰ্যালয়ৰ সহযোগত আজি নাজিৰা নাট্য মন্দিৰত “মাদক দ্ৰব্য সেৱন বিৰোধী অভিযান,বাল্য বিবাহ ও গৰ্ভৱতী কিশোৰীৰ সামাজিক সমস্যা” শীৰ্ষক এক সজাগতা সভা অনুষ্ঠিত কৰা হয় ।

অনুষ্ঠানত অংশগ্ৰহণ কৰি জিলা শিশু সুৰক্ষা বিষয়া ড° বিকাশ ৰঞ্জন কোঁৱৰে কয় যে, “বাল্য বিবাহ আইনমতে নিষিদ্ধ আৰু দণ্ডনীয়। বাল্য বিবাহৰ চিকাৰ হোৱা শিশু সকলৰ শাৰীৰিক, বৌদ্ধিক আৰু মানসিক বিকাশ বাধাগ্ৰস্ত হোৱাৰ লগতে প্ৰসূতি মাতৃৰ মৃত্যু হাৰ আৰু নৱজাতকৰ মৃত্যু হাৰ বৃদ্ধি হোৱাটো পৰিলক্ষিত হৈছে। তাৰ উপৰি বাল্য বিবাহ হ’লে বিভিন্ন ধৰণৰ যৌন ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে। গতিকে, ই এক সামাজিক ব্যাধি আৰু প্ৰত্যেক গৰাকী নাগৰিকৰ দায়িত্ব ইয়াক ৰোধ কৰা। গতিকে আজিৰ এই সজাগতা সভাৰ জৰিয়তে মই তৃণমূল পৰ্যায়ত আশা কৰ্মী সকলক বাল্য বিবাহ আৰু কিশোৰী অৱস্থাত গৰ্ভধাৰণৰ ভয়াবহতাৰ বিষয়ে, সজাগতা বৃদ্ধিৰ পদক্ষেপ অব্যাহত ৰাখিবলৈ আহ্বান জনাইছোঁ তদুপৰি সমাজত বৰ্ধিত ধঁপাত আৰু মাদক দ্ৰৱ্য সেৱনৰ প্ৰাদুৰ্ভাৱ দূৰ কৰিবলৈ, আমি প্ৰত্যেক গৰাকী ব্যক্তিয়ে চেষ্টা কৰা উচিত।এই সজাগতা অনুষ্ঠানত সমল ব্যক্তি  হিচাপে উপস্থিত থাকে  শিৱসাগৰ জিলা সমাজ কল্যাণ বিষয়া উপমা শইকীয়া, নাজিৰাৰ তথ্য আৰু জনসংযোগ বিষয়া ড° বৰ্ণালী দত্ত, নাজিৰা সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া বৰ্ণিতা মিঠিহাৰী আৰু স্বাস্থ্য শিক্ষক স্মিতা বৰুৱা।বিভিন্ন বিভাগৰ আমন্ত্ৰিত সমল ব্যক্তিসকলে আজিৰ সজাগতা সভাত আলোচ্য বিষয়সমূহৰ ওপৰত অভিজ্ঞতাপুষ্ট বিশ্লেষণ দাঙি ধৰে। ইয়াৰ উপৰি, দৈনিক জনমভূমি কাকতৰ জ্যেষ্ঠ সাংবাদিক ভাস্কৰ বৰগোহাঁইয়ে সমল ব্যক্তি সকলক ধন্যবাদ জনাই আৰু সমাজত বৰ্ধিত ধঁপাত বা অন্যান্য মাদক দ্ৰৱ্য সেৱনৰ প্ৰাদুৰ্ভাৱ দূৰীকৰণৰ দিশতো সকলোকে আগবাঢ়ি আহিবলৈ উৎসাহিত কৰে।উল্লেখ্য যে, এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষণ শিবিৰৰো আয়োজন কৰা হয়।অনুষ্ঠানত বিভিন্ন চৰকাৰী বিভাগৰ বিষয়া-কৰ্মচাৰী, সংবাদসেৱী, আশাকৰ্মী, অংগনৱাড়ী কৰ্মী, কৃষিসখী, জীৱিকা সখী, গৰ্ভৱতী মহিলা আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।