নাজিৰা সমজিলাত ড্ৰাগছ প্ৰতিৰোধী সজাগতা সভা ৷ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ৷

PR NEWS ASSAM: নাজিৰা অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান শংকৰদেৱ বিদ্যা নিকেতনত ” আৰ্লী চাইনচ অৱ নাৰ্ক’টিক ইউচেজ”  ড্ৰাগছ  প্ৰতিৰোধী সজাগতা সভাৰ সম্পন্ন হৈ যায়৷ উক্ত সভাত ভাষণৰত অৱস্থাত মনোৰোগ বিশেষজ্ঞ মাধুৰী বৰাই বক্তব্য ৰাখে  । উপস্থিত থাকে খেলুৱৈ নিকুঞ্জ বুঢ়াগোহাঁই, নাজিৰা থানাৰ  ভাৰপ্ৰাপ্ত-বিষয়া ভৱেন দাস, খেলুৱৈ উমেশ দুৱৰা, সভাপতি দিলীপ বৰদলৈ, খেলুৱৈ বিকুল বেজবৰুৱা, খেলুৱৈ তৰুণ গগৈ ।লগতে সভাতে অভিৰুচি ক্ৰীড়া দিৱসৰ কাৰ্য্যসূচীও পালন কৰা হয়  ।উল্লেখ্য যে, বৰ্তমান সময়ত নাজিৰাত ড্ৰাগছৰ কৱলত পৰি বহু যুৱকে প্ৰাণ অকালতে হেৰুৱাবলগীয়া হৈছে আৰু বিগত সময়ছোৱাত বহু যুৱক ড্ৰাগছৰ সৰবৰাহৰ লগত জড়িত হৈ শৈক্ষিক,সামাজিক পৰিৱেশ বিনষ্ট হোৱাৰ লগতে জনজীৱনৰ প্ৰতি চৰম ভাবুকি আনিছে ৷অলপতে ৰাহুল গুুণ নামৰ এজন যুৱকক নাজিৰা আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে ৷