*নাজিৰা সমজিলাত একতা দৌৰ অনুষ্ঠিত*লৌহমানৱ চৰ্দাৰ বল্লভভাই পেটেলক স্মৰণ ৷

 PR NEWS ASSAM: সমগ্ৰ ৰাজ্যৰ লগতে নাজিৰা সমজিলাতো নাজিৰা সমজিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ উদ্যোগত স্বাধীন ভাৰতৰ অন্যতম খনিকৰ ‘লৌহমানৱ’ চৰ্দাৰ বল্লভভাই পেটেলৰ আগন্তুক ১৫০ সংখ্যক জন্মজয়ন্তী উপলক্ষে “একতা দৌৰ” অনুষ্ঠিত কৰা হয়।নাজিৰা গান্ধী ময়দান প্ৰাংগনৰ পৰা আৰম্ভ হোৱা এই অনুষ্ঠানত প্ৰায় ২০০ ৰো অধিক অসামৰিক প্ৰতিৰক্ষা বাহিনীৰ জোৱান, ৰাজ্যিক আৰক্ষী বাহিনীৰ বিষয়া-জোৱান, বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া কৰ্মচাৰী সকল, নাজিৰা উন্নয়ন খণ্ডৰ আত্মসহায়ক গোট সমূহৰ মহিলা সকলৰ লগতে নাজিৰা সমজিলা প্ৰশাসনৰ সমূহ বিষয়া কৰ্মচাৰী সকল উপস্থিত থাকে। অনুষ্ঠানৰ আৰম্ভণিতে সহকাৰী আয়ুক্ত অৰুণাভ সোণোৱালে উপস্থিত সকলোকে একতাৰ শপত বাক্য পাঠ কৰোৱাই লগতে  সমজিলা নাজিৰা আৰক্ষী বিষয়া তুষাৰ দেশায়ে অনুষ্ঠানটিৰ ফ্লেগ অফ কৰে।