নাজিৰা, ২১ জুন: ১১ সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে ৰাষ্ট্ৰীয় আয়ুষ মিছন অসমৰ উদ্যোগত তথা নাজিৰা সমজিলা প্ৰশাসনৰ সহযোগত আজি নাজিৰা সমজিলা আয়ুক্ত কাৰ্যালয়ৰ সমীপত ঐতিহাসিক বৰবৰুৱা পুখুৰী পাৰত “এক বিশ্ব, এক স্বাস্থ্যৰ বাবে যোগ” শীৰ্ষক বিষয়ত সমজিলা পৰ্যায়ত যোগ দিৱস উদযাপন কৰা হয়।পুৱা ৬ বজাৰ পৰা অংশগ্ৰহনকাৰী সকলৰ পঞ্জীয়নৰে আৰম্ভ হোৱা এই অনুষ্ঠানৰ বন্তি প্ৰজ্বলন কৰে সমজিলা আয়ুক্ত শ্ৰীযুতা কণিকাই। সমজিলা আয়ুক্ত গৰাকীয়ে পোন প্ৰথমে সকলোকে আন্তৰ্জাতিক যোগ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰি কয় যে,”যোগাভ্যাসে শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক উৎকৰ্ষ সাধনৰ জৰিয়তে আমাৰ জীৱনক গতিশীলতা প্ৰদান কৰে।”এই অনুষ্ঠানত যোগাভ্যাস কৰোৱাই যোগ প্ৰশিক্ষক অসীম দত্ত আৰু তেওঁৰ সহ প্ৰশিক্ষক চিন্তামনি দত্তই ।অংশগ্ৰহনকাৰী সকলক প্ৰমাণ পত্ৰ সমূহ অনলাইন যোগে প্ৰদান কৰা হ’ব। তদুপৰি মুৰব্বী বিষয়া সকলে সমজিলা আয়ুক্ত কাৰ্য্যালয়ৰ পৰা নিজৰ প্ৰমাণ পত্ৰ সমূহ সংগ্ৰহ কৰিব পাৰিব।উল্লেখযোগ্য যে, আজিৰ এই অনুষ্ঠানত গৌতম দাসে যোগৰ এক বিশেষ শৈলী প্ৰদৰ্শন কৰি সকলোকে আপ্লুত কৰে৷এই অনুষ্ঠানত নাজিৰা সমজিলা প্ৰশাসনৰ সহকাৰী আয়ুক্ত সকল, বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া সকলৰ লগতে নাজিৰা সমজিলা অন্তৰ্গত বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকল, জ্যেষ্ঠ নাগৰিক সকল, আশা কৰ্মী সকল আৰু গৰিষ্ঠ সংখ্যক স্থানীয় ৰাইজ উপস্থিত থাকে৷
নাজিৰা সমজিলাত আন্তঃ ৰাষ্ট্ৰীয় যোগ দিৱস ৷
