নাজিৰা সমজিলাত অসম দিৱস উদযাপন ৷”স্বৰ্গদেউ চাওলুং চ্যুকাফাৰ প্ৰতিমূৰ্তি উন্মোচন”

 PR NEWS ASSAM ::আহোম ৰাজ্যৰ মহান প্ৰতিষ্ঠাতা স্বৰ্গদেউ চাওলুং চ্যুকাফাৰ মহান আদৰ্শ আৰু অৱদানৰ প্ৰতি শ্ৰদ্ধা জনাই আজি অসম দিৱসৰ ঐতিহাসিক দিনটোক স্মৰণ কৰি , টাই আহোম উন্নয়ন পৰিষদৰ উদ্যোগত তথা সদৌ টাই আহোম ছাত্ৰ সন্থা নাজিৰা মহকুমা সমিতিৰ সহযোগত নাজিৰা চাৰি আলিত নিৰ্মিত স্বৰ্গদেউ চাওলুং চ্যুকাফাৰ প্ৰতিমূৰ্তিৰ আজি শুভ উদ্বোধন কৰা হয়। উদ্ধোধন কৰে অসম চৰকাৰৰ জল সম্পদ , তথ্য , জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীয়ুষ হাজৰিকাই। উদ্ধোধনী অনুষ্ঠানৰ আৰম্ভণিতে দুশ গৰাকী মুলঙৰ দ্বাৰা বানফি পূজা অনুষ্ঠিত কৰা হয়। ইয়াৰ পিছতে এক সাংস্কৃতিক শোভাযাত্ৰা প্ৰতিমূৰ্তি উন্মোচন স্থানৰ পৰা নাজিৰা খেলপথাৰ লৈ আৰম্ভ কৰা হয়। নাজিৰা সমজিলা ক্ৰীড়া সন্থাৰ খেলপথাৰ অনুষ্ঠিত  মুকলি সভাৰ আৰম্ভণিতে আমন্ত্ৰিত ২০০ গৰাকী টাই শিল্পীৰ দ্বাৰা আইচিং লাও, ইয়াৰ পৰবৰ্তী সময়ত অসম সংগীত আৰু স্থানীয় শিল্পীৰ দ্বাৰা সমবেত সংগীত পৰিৱেশন কৰা হয়। উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে সাংস্কৃতিক পৰিক্ৰমা বিভাগ, উদ্যোগ , বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰী বিমল বড়া লগতে সন্মানীয় অতিথি ৰূপে উপস্থিত থাকে, পাৰ্বত্য অঞ্চল উন্নয়ন, সমবায় আদি বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰী যোগেন মহন আৰু জলসম্পদ, তথ্য আৰু জনসংযোগ, মুদ্ৰণ আৰু লেখন সামগ্ৰী আদি বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰী পীয়ুষ হাজৰীকা তথা বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে টাই আহোম উন্নয়ন পৰিষদৰ অধ্যক্ষ ময়ূৰ বৰগোহাঁই, সোণাৰি বিধান সভা সমষ্টিৰ বিধায়ক শ্ৰী ধৰ্মেশ্বৰ কোঁৱৰ, মৰাণ বিধান সভা সমষ্টিৰ বিধায়ক শ্ৰী চক্ৰধৰ গগৈ, আমগুৰি বিধান সভা সমষ্টিৰ বিধায়ক শ্ৰী প্ৰদীপ হাজৰীকা আৰু থাওৰা বিধান সভা সমষ্টিৰ বিধায়ক শ্ৰী সুশান্ত বৰগোহাঁই, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সঞ্চালক ৰাহুল দাস, অসম চাহ নিগমৰ অধ্যক্ষ শিৱপ্ৰসাদ বদ্ৰা আৰু অন্যান্য বক্তা হিচাপে অংশগ্ৰহণ কৰে গোলাঘাটৰ হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা, ড° বন্তিৰাণী গগৈ। উল্লেখ্য যে, আজিৰ অনুষ্ঠানত টাই আহোম উন্নয়ন পৰিষদৰ তৰফৰ পৰা প্ৰয়াত গণশিল্পী  ৰাজীৱ শদিয়াৰ পৰিয়ালবৰ্গলৈ পাঁচ লাখ টকাৰ  আৰ্থিক সাহায্য প্ৰদান কৰা হয়৷