PR NEWS ASSAM :শিৱসাগৰ জিলাৰ জিলা আয়ুক্ত কাৰ্য্যালয়ৰ চুকাফা সভাকক্ষত আজি শিৱসাগৰ জিলাৰ অন্তৰ্গত চৰকাৰী স্বীকৃতিপ্ৰাপ্ত সাংবাদিক সকলক মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ শুভেচ্ছামূলক উপহাৰ সমূহ জিলা আয়ুক্ত আয়ুষ গৰ্গে প্ৰদান কৰে।উক্ত অনুষ্ঠানতে নাজিৰা সমজিলাৰ ১৬ গৰাকী চৰকাৰী স্বীকৃতিপ্ৰাপ্ত সংবাদকৰ্মীকো মুখ্যমন্ত্ৰী মহোদয়ৰ শুভেচ্ছামূলক উপহাৰ সমূহ বিতৰণ কৰা হয়। তদুপৰি জিলা আয়ুক্ত গৰাকীয়ে উপস্থিত সাংবাদিক সকলৰ লগত বিভিন্ন বিষয় সন্দৰ্ভত মত বিনিময় কৰে। জিলা আয়ুক্ত আয়ুষ গৰ্গৰ সভাপতিত্ব অনুষ্ঠিত হোৱা আজিৰ এই অনুষ্ঠানত শিৱসাগৰ, নাজিৰা, ডিমৌ আৰু আমগুৰিৰ বিভিন্ন ছপা আৰু বৈদ্যুতিন মাধ্যমৰ সাংবাদিক সকল, শিৱসাগৰ জিলাৰ সহকাৰী আয়ুক্ত তথা ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া কংকনা শইকীয়া, নাজিৰা সমজিলাৰ তথ্য আৰু জনসংযোগ বিষয়া ড° বৰ্ণালী দত্ত উপস্থিত থাকে ।
নাজিৰা-শিৱসাগৰ চৰকাৰী স্বীকৃতি প্ৰাপ্ত সাংবাদিকলৈ শুভেচ্ছামূলক উপহাৰ৷
