PR NEWS ASSAM নাজিৰাঃঃ
অসম ৰাজ্যিক নিৰ্বাচনী আয়োগৰ আগন্তুক পৌৰসভা নিৰ্বাচনৰ চৰকাৰী অধিসূচনা জাৰি হোৱা পৰিপ্ৰেক্ষিতত আজি নাজিৰা মহকুমাৰ মহকুমাধিপতি কাৰ্যালয়ৰ সভাকক্ষত এখন জৰুৰী সভাৰ আয়োজন কৰা হয়। নাজিৰা মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি সব্যসাচী কাশ্যপ মহোদয়ৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা উক্ত সভাত তেখেতে নাজিৰা তথা শিমলুগুৰি পৌৰসভা নিৰ্বাচনৰ প্ৰক্ৰিয়াৰ সম্বন্ধে সকলোকে বিস্তৃতভাৱে অৱগত কৰে। উল্লেখ্য যে, সমগ্ৰ অসমৰ লগতে নাজিৰা পৌৰসভাৰ মুঠ ১০ টা ৱাৰ্ড সামৰি স্থাপন কৰা ১৪ টা ভোট কেন্দ্ৰ আৰু শিমলুগুৰি পৌৰসভাৰ মুঠ ১০ টা ৱাৰ্ড সামৰি ১০ টা ভোট কেন্দ্ৰ স্থাপন কৰা হয়। নাজিৰা পৌৰসভাৰ মুঠ পুৰুষ ভোটাৰৰ সংখ্যা হৈছে ৫০৮৬ আৰু মহিলা ভোটাৰ ৫৪০৬ গৰাকীৰে মুঠ ভোটাৰ হৈছে ১০৪৯২ জন। সেইদৰে শিমলুগুৰি পৌৰসভাৰ মুঠ পুৰুষ ভোটাৰৰ সংখ্যা হৈছে ৩৩৯৮ আৰু মহিলা ভোটাৰ ৩২৪৩ গৰাকীৰে মুঠ ভোটাৰ হৈছে ৬৬৪১ জন। উল্লেখযোগ্য যে, নিৰ্বাচনী প্ৰাৰ্থীয়ে ১০ ফেব্ৰুৱাৰীৰ পৰা ১৫ ফেব্ৰুৱাৰী লৈকে মহকুমাধিপতি কাৰ্যালয়ৰ পৰা মনোনয়ন পত্ৰ সংগ্ৰহ কৰিব পাৰিব। তদুপৰি চৰকাৰী বন্ধৰ দিনৰ বাহিৰে কাৰ্যালয় খোলা দিন এটাৰ পুৱা ১১ বজাৰ পৰা বিয়লি ৩ বজাৰ ভিতৰত নিৰ্বাচন প্ৰাৰ্থী অথবা তেওঁৰ সমৰ্থকে উপৰোক্ত কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰিব পাৰিব। ১৭ ফেব্ৰুৱাৰী তাৰিখে পুৱা ১০ বজাৰ পৰা বিয়লি ৪ বজাৰ ভিতৰত মনোনয়ন পত্ৰ সমূহ পৰীক্ষণ কৰা হব। ২০ ফেব্ৰুৱাৰী তাৰিখে বিয়লি ৩ বজাৰ আগতে নিৰ্বাচন প্ৰাৰ্থী বা তেওঁৰ প্ৰস্তাৱক অথবা তেওঁৰ নিৰ্বাচনী এজেণ্টে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰাৰ জাননী দিব পাৰিব। ভোট গ্ৰহণ ৬ মাৰ্চ তাৰিখে অনুষ্ঠিত কৰা হব আৰু ভোট গণনাৰ দিন ৯ মাৰ্চত ধাৰ্য্য কৰা হৈছে। তদুপৰি, এটি নিৰ্বাচন নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰা হৈছে আৰু এই নিয়ন্ত্ৰণ কক্ষৰ দূৰভাষ নম্বৰ হল – ০৩৭৭২২৫২৩৩৫. নাজিৰাৰ মহকুমাধিপতি সব্যসাচী কাশ্যপে শিমলুগুৰি পৌৰসভাৰ আৰু নাজিৰাৰ ৰাজহ চক্ৰ বিষয়া ভন লাল লিমপুই নামপুইয়ে নাজিৰা পৌৰ সভাৰ দায়িত্বপ্ৰাপ্ত দণ্ডাধীশ হিচাপে কৰ্ম সম্পাদন কৰিব।মহকুমাধিপতি গৰাকীয়ে জানিবলৈ দিয়া মতে , নাজিৰা মহকুমা প্ৰশাসনে ভোট গ্ৰহণৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি সাজু হৈ উঠিছে। তেখেতে প্ৰতিটো বিভাগৰ বিষয়া কৰ্মচাৰী সকলক সূচাৰুৰূপে নিৰ্বাচন অনুষ্ঠিত কৰি নিজৰ দায়িত্ব সমূহ পালন কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে সংবাদসেৱী তথা সকলো ৰাইজৰ সহায় সহযোগিতা কামনা কৰে। উক্ত সভাত উপস্থিত থাকে নাজিৰা ৰাজহ চক্ৰ বিষয়া, নিৰ্বাচনী বিষয়া, নাজিৰাৰ সহকাৰী আয়ুক্ত সকল, নাজিৰাৰ খণ্ড উন্নয়ন বিষয়া, মহকুমা তথ্য ও জনসংযোগ বিষয়াকে প্ৰমুখ্য কৰি বিভিন্ন বিভাগৰ মূৰব্বী বিষয়াসকল, নাজিৰা ছপা আৰু বৈদ্যুতিন মাধ্যমৰ সংবাদকৰ্মী সকল, ৰাজনৈতিক দলৰ প্ৰতিনিধি সকলৰ লগতে মহকুমা প্ৰশাসনৰ কৰ্মচাৰী সকল ৷

