PR NEWS ASSAM নাজিৰা: অতিৰিক্ত উপায়ুক্ত তথা নাজিৰা মহকুমাৰ মহকুমাধিপতি সব্যসাচী কাশ্যপৰ সভাপতিত্বত নাজিৰা মহাবিদ্যালয়ত নিৰ্বাচন সংক্ৰান্তীয় নতুন প্ৰ-পত্ৰসমূহৰ মুকলি এক বিশেষ কাৰ্যসূচী অনুষ্ঠিত হৈ যায়৷। ভাৰতৰ নিৰ্বাচনী আয়োগে জাৰি কৰা শেহতীয়া নিৰ্দেশনা তথা সংশোধনী সমূহৰ সন্দৰ্ভত এই সভা অনুষ্ঠিত কৰা হয়।। গণতান্ত্ৰিক ব্যৱস্থাক আৰু অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে এনে পদক্ষেপ অতি জৰুৰী বুলি উল্লেখ কৰি মহকুমাধিপতিগৰাকীয়ে কয় যে এতিয়াৰে পৰা ১৭ বছৰ বয়সৰ যিকোনো ভাৰতীয় যুৱক-যুৱতীয়ে ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তিৰ বাবে আগতীয়াকৈ প্ৰ- পত্ৰ নং ৬ৰ যোগেদি আবেদন কৰিব পাৰিব । আবেদনৰ বাবে পূৰ্বে ভিত্তি তাৰিখ এবছৰত এবাৰ অৰ্থাৎ ১ জানুৱাৰী নিৰ্ধাৰণ কৰা হৈছিল যদিও শেহতীয়াকৈ কেতবোৰ নিৰ্বাচন সংক্ৰান্তীয় আইনৰ ক্ষেত্ৰত ব্যাপক সংশোধনী ঘটোৱা হৈছে । সেই অনুসৰি এতিয়াৰে পৰা ১ জানুৱাৰীলৈ অপেক্ষা কৰিব নালাগে, ১ এপ্ৰিল, ১ জুলাই আৰু ১ অক্টোবৰ তাৰিখকো ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তিৰ বাবে আবেদনৰ ক্ষেত্ৰত বয়সৰ ভিত্তি তাৰিখ হিচাপে লোৱা হৈছে । অৰ্থাৎ ১৭ বছৰ চলি থকা যিকোনো যুৱক-যুৱতীয়ে ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তিৰ বাবে আগতীয়াকৈ আবেদন কৰি থ’ব পাৰিব । তেওঁলোকৰ যেতিয়াই ১৮ বছৰ হ’ব তেতিয়াই ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত হ’ব। নাজিৰাৰ নিৰ্বাচনী বিষয়া অংশুলেষা দত্ত পাঠকে কয় যে প্ৰ – পত্ৰ নং ৭, ৮ৰ জৰিয়তে ভোটাৰ সকলে ক্ৰমে নিজৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন, যাৱতীয় তথ্য সমূহ শুধৰণি কৰিব পাৰিব । আনহাতে ভোটাৰ কাৰ্ডৰ লগত আধাৰ সংযুক্ত কৰিবৰ বাবে প্র – পত্ৰ নং ৬বি(6B) নতুনকৈ প্ৰৱৰ্তন কৰা হৈছে বুলি নিৰ্বাচনী বিষয়া গৰাকীয়ে উল্লেখ কৰে। অৱশ্যে ফটোযুক্ত ভোটাৰ পৰিচয় পত্ৰ আধাৰ লগত সংগযোজন কৰাটো সম্পূৰ্ণ স্বেচ্ছামূলক। তেখেতে লগতে কয় যে এই কাৰ্যসূচীৰ মূল উদ্দেশ্য হৈছে ভোটাৰ সকলৰ পৰিচয় সঠিকভাৱে প্ৰতিষ্ঠা কৰা আৰু ভোটাৰ তালিকাত অন্তৰ্ভুক্তিৰ বাবে কৰা আবেদনসমূহৰ সত্যতা নিৰূপণ কৰা। ভোটাৰসকলে ভোটাৰ হেল্পলাইন এপ আৰু এন.ভি.এছ.পি(NVSP) পৰ্টেলৰ জৰিয়তে অথবা বি.এল.অ’ৰ (BLO)জৰিয়তে উপৰোক্ত প্ৰ পত্ৰৰ যোগেদি নিজৰ আবেদন সমূহ দাখিল কৰিব পাৰিব বুলিও নিৰ্বাচনী বিষয়া গৰাকীয়ে উল্লেখ কৰে।উল্লেখ্য যে, ৯ নৱেম্বৰ ২০২২ তাৰিখে সংহত খচৰা ভোটাৰ তালিকা প্ৰকাশ পাব। ৯ নৱেম্বৰ ২০২২ ৰ পৰা ৮ ডিচেম্বৰ ২০২২ লৈকে ওজৰ আপত্তি দাখিল কৰিব পাৰিব। ওজৰ আপত্তি দাখিলৰ নিৰ্ধাৰিত সময়ছোৱাৰ ভিতৰতে ভোটাৰ তালিকা সন্দৰ্ভত বিশেষ অভিযান চলোৱা হব। ২৬ ডিচেম্বৰ ২০২২ ৰ ভিতৰত সকলো ওজৰ আপত্তি নিষ্পত্তি কৰা হব আৰু ৫ জানুৱাৰী ২০২৩ তাৰিখে চুড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাব, সভাত নাজিৰা নিৰ্বাচন জিলাৰ অন্তৰ্গত সহকাৰী নিৰ্বাচন পঞ্জীয়ন বিষয়া সকল(AERO), বুথ পৰ্যায়ৰ বিষয়া সকল(BLO), বি. এল. অ পৰ্যবেক্ষক সকল, ৰাজনৈতিক দল সমূহৰ প্ৰতিনিধি সকল, জেষ্ঠ নাগৰিক সকল, বিশিষ্ট ব্যক্তি সকল, নাজিৰা মহাবিদ্যালয়ৰ অধ্যাপক সকল, নাজিৰাৰ ছপা আৰু বৈদ্যুতিন মাধ্যমৰ সংবাদ কৰ্মী সকল, বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ – ছাত্ৰী সকল, নাজিৰা মহকুমা প্ৰশাসনৰ বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে৷
*নাজিৰা মহাবিদ্যালয়ত ভোটাৰ সংক্ৰান্তীয় বিশেষ সভা*
