নাজিৰা মহকুমা প্ৰশাসনৰ উদ্যোগত ৭৫ সংখ্যক গণৰাজ্য দিৱস উদ্‌যাপন৷

সমগ্ৰ দেশৰ লগতে আজি নাজিৰা মহকুমাতো দেশৰ ৭৫ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হয়। নাজিৰা মহকুমা প্ৰশাসনৰ উদ্যোগত নাজিৰা জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত আয়োজিত গণৰাজ্য দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰি নাজিৰা মহকুমাৰ মহকুমাধিপতি আয়ুষী জৈনে আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। পতাকা উত্তোলনৰ পূৰ্বে মহকুমাধিপতি গৰাকীয়ে বীৰ শ্বহীদ সকলক স্মৰণ কৰি নাজিৰা গান্ধী ময়দানত অনুষ্ঠিত শ্বহীদ তৰ্পণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে।ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ পিছত কুচ-কাৱাজত অংশগ্ৰহণ কৰা আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীৰ অভিবাদন গ্ৰহণ কৰে। এই কুচ – কাৱাজ কাৰ্যসূচীত নাজিৰা মহকুমাৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰী সকলে অংশগ্ৰহণ কৰে। নাজিৰা মহকুমা আৰক্ষী বিষয়া তপন চন্দ্ৰ কলিতাৰ উপস্থিতিত মুখ্য অতিথি ৰূপে প্ৰদান কৰা ভাষণত মহকুমাধিপতি গৰাকীয়ে দেশৰ বীৰ শ্বহীদ, মুক্তি-যুঁজাৰু সকলৰ চৰম ত্যাগ আৰু আত্মবলিদানৰ বিষয়ে শ্ৰদ্ধাৰে সোঁৱৰাৰ লগতে দেশৰ সীমান্ত আৰু আভ্যন্তৰীণ সুৰক্ষাত নিয়োজিত নিৰাপত্তা বাহিনী সমূহৰ সাহস আৰু পৰাক্ৰমৰ কথা কৃতজ্ঞতাৰে স্মৰণ কৰে। নিজ ভাষণত তেওঁ কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে মহকুমাতোৰ সৰ্বোত্তম উন্নতিৰ লক্ষ্যৰে গ্ৰহণ কৰা জনকল্যানকামী আঁচনি সমূহৰ বিষয়ে উল্লেখ কৰি এই সমূহৰ সফল ৰূপায়ণৰ বাবে জনসাধাৰণৰ পূৰ্ণ সহযোগিতা কামনা কৰে। তেওঁ মহকুমাতোৰ শিক্ষা, স্বাস্থ্য, গ্ৰামোন্নয়ণ, কৃষি তথা ইয়াৰ সহযোগী খণ্ড, শক্তি, পথ- যোগাযোগ, জনস্বাস্থ্য কাৰিকৰী, নগৰ উন্নয়ন আদি বিভাগৰ অধীনস্থ আঁচনি সমূহৰ দ্ৰুত আৰু ফলপ্ৰসূ ৰূপায়ণৰ ক্ষেত্ৰত মহকুমা প্ৰশাসনে অগ্ৰাধিকাৰ প্ৰদান কৰি আহিছে বুলি উল্লেখ কৰে। গণৰাজ্য দিৱস উপলক্ষে আয়োজিত পেৰেডত নাজিৰা ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ে প্ৰথম, দিল্লী পাব্লিক স্কুল এন. চি.চি দলে দ্বিতীয় আৰু নাজিৰা মহাবিদ্যালয়ে তৃতীয় পুৰস্কাৰ লাভ কৰে। তদুপৰি, গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা বিভিন্ন প্ৰতিযোগিতাৰ বিজয়ী সকলকো আজি পুৰস্কৃত কৰা হয়।উল্লেখ্যযোগ্য যে, এইবাৰৰ গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠানে সকলোকে আকৰ্ষণ কৰিবলৈ সক্ষম হয়। সাংস্কৃতিক অনুষ্ঠানত সত্ৰীয়া, তিৱা লোক নৃত্য, নিৰ্বাচন সম্বন্ধীয় সজাগতামূলক নাট, ঝুমুৰ, সাত ভনী নৃত্য আদি প্রদৰ্শন কৰা হয়।আজিৰ অনুষ্ঠানত নাজিৰা মহকুমা অন্তৰ্গত বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা মুঠ ২১ গৰাকী ব্যক্তিক মহকুমা প্ৰশাসনৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়।ইয়াৰ পাছতে শিমলুগুৰি বৃদ্ধাশ্ৰমত, গেলেকীস্থিত “জ্যোতি গৃহ”ত প্ৰশাসনৰ তৰফৰ পৰা অত্যাৱশ্যকীয় সামগ্ৰী আৰু লিগিৰী পুখুৰীস্থিত কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহকুমা চিকিৎসালয়ত ফল – মূল বিতৰণ কৰা হয়৷গণৰাজ্য দিৱসৰ মূল কাৰ্যসূচীত নাজিৰা বিধান সভা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়া মহকুমা প্ৰশাসনৰ বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়া সকল, কৰ্মচাৰী সকল, আৰক্ষী প্ৰশাসন, সাধাৰণ নাগৰিক তথা নাজিৰাৰ ছপা আৰু বৈদ্যুতিন মাধ্যমৰ সংবাদ কৰ্মীসকল উপস্থিত থাকে।