PR NEWS ASSAM নাজিৰা ৪ মাৰ্চ: অহা ইং ৬ মাৰ্চ, ২০২২ তাৰিখে অনুষ্ঠিত হ’বলগীয়া নাজিৰা আৰু শিমলুগুৰি পৌৰসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ অগ্ৰগতি সম্বন্ধে আজি নাজিৰা মহকুমাৰ মহকুমাধিপতি কাৰ্য্যালয়ৰ সভাকক্ষত মহকুমাধিপতি সব্যসাচী কাশ্যপৰ পৌৰোহিত্যত আৰু নিৰ্বাচন পৰ্যবেক্ষক তৰালী দাসৰ উপস্থিতিত এখনি সংবাদ মেল অনুষ্ঠিত কৰা হয়৷ উল্লেখযোগ্য যে, নাজিৰা আৰু শিমলুগুৰি পৌৰসভাৰ অন্তৰ্গত ১৯ টা ৱাৰ্ড সামৰি অনুষ্ঠিত হবলগীয়া পৌৰ সভাৰ নিৰ্বাচনত মুঠ ৪২টা ই.ভি.এম্ ব্যৱহাৰ কৰা হব। ভোট গ্ৰহণ প্ৰক্ৰিয়া সম্পাদন কৰিবৰ কাৰণে সৰ্ব মুঠ ২৩ টা ভোট কেন্দ্ৰৰ বাবে ৩১ জন প্ৰিজাইডিং বিষয়া, ৯৩ জন প’লিং বিষয়া, ৪ জন খণ্ড বিষয়া আৰু ২ জন মান্দলিক বিষয়া নিয়োগ কৰা হৈছে।লগতে ৪৬ গৰাকী স্বাস্থ্য কৰ্মী আৰু ১৯ গৰাকী বুথ পৰ্য্যায়ৰ বিষয়া নিয়োগ কৰা হৈছে ।তদুপৰি প্ৰত্যেক ভোট কেন্দ্ৰত থাৰ্মেল স্কেনাৰ ব্যৱহাৰ কৰা হব। নাজিৰা পৌৰ সভাত মুঠ প্ৰতিদ্বন্দীৰ সংখ্যা ২৮ জন আৰু মুঠ ভোটাৰৰ সংখ্যা ১০৪৯২ জন তাৰে পুৰুষ ভোটাৰ হৈছে ৫০৮৬ আৰু মহিলা ভোটাৰ হৈছে ৫৪০৬ গৰাকী । আনহাতে শিমলুগুৰি পৌৰসভাৰ মুঠ প্ৰতিদ্বন্দীৰ সংখ্যা হৈছে ২০ জন তাৰে ৪ নং ৱাৰ্ডৰ প্ৰতিদ্বন্দী গৰাকীয়ে কোনো প্ৰতিদ্বন্দীৰ সন্মুখীন নোহোৱাৰ হেতু মুঠ ভোটাৰৰ সংখ্যা ৬৬৪১ৰ পৰা ৬০২৭ লৈ হ্ৰাস পাইছে।ইয়াৰে পুৰুষ ভোটাৰ হৈছে ৩০৩৭ আৰু মহিলা ভোটাৰ হৈছে ২৯৯০ গৰাকী । উল্লেখযোগ্য যে নাজিৰা পৌৰ সভাৰ ৱাৰ্ড নং ৩, ভোট কেন্দ্ৰ ৪। নাজিৰা বৰতলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ভোটাৰৰ সংখ্যা সৰ্বাধিক । ইয়াত মুঠ ভোটাৰৰ সংখ্যা হৈছে ১৩৫৫ আনহাতে শিমলুগুৰি পৌৰসভাৰ ৱাৰ্ড নং ৬ , ভোট কেন্দ্ৰ ৬ ৰেলৱে এম মি স্কুল। ইয়াতে মুঠ ভোটাৰ আছে ৮১০জন। নাজিৰাৰ মহকুমাধিপতি সব্যসাচী কাশ্যপে শিমলুগুৰি পৌৰ সভাৰ আৰু নাজিৰাৰ ৰাজহ চক্ৰ বিষয়া বন লাল লিম্পুই নাম্পুইয়ে নাজিৰা পৌৰ সভাৰ দায়িত্ব প্ৰাপ্ত দণ্ডাধীশ হিচাপে কৰ্ম সম্পাদন কৰিব। আগন্তুক নিৰ্বাচনৰ নিৰপেক্ষ প্ৰক্ৰিয়া সম্পৰ্কে পৰ্যাপ্ত প্ৰচাৰ কৰাৰ ক্ষেত্ৰত সংবাদ মাধ্যমৰ সক্ৰিয় সহযোগিতা বিচাৰি মহকুমাধিপতিয়ে জানিবলৈ দিয়ে যে আগন্তুক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ মহকুমাখনত পৰ্যাপ্ত নিৰাপত্তা প্ৰদানৰ বাবে সকলো প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হৈছে। নিৰ্বাচন প্ৰক্ৰিয়া সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে,মহকুমা প্ৰশাসনে বিষয়াসকলৰ তত্বাৱধানত বিভিন্ন কোষ মুকলি কৰিছে আৰু এই প্ৰতিটো কোষত পৰ্যাপ্ত কৰ্মচাৰী নিয়োজিত কৰা হৈছে বুলি মহকুমাধিপতিয়ে জানিবলৈ দিছে৷
*নাজিৰা মহকুমা প্ৰশাসনৰ আগন্তুক পৌৰসভা নিৰ্বাচন সম্বন্ধীয় সংবাদ মেল*
