নাজিৰা মহকুমা কৃষি বিভাগৰ উদ্যোগত আৰু সেউজী সমবায় সমিতি লিমিটেড আৰু মঠিয়াছিগা ৰাজমাও উচ্চ মাধ্যমিক বিদ্যালয় প্ৰশাসনৰ সহযোগত কঠিয়া সিচাঁ কাৰ্যসূচী৷

নাজিৰা মহকুমাৰ অন্তৰ্গত মঠিয়াছিগা ৰাজমাও উচ্চ মাধ্যমিক বিদ্যালয়ৰ কাষতে অৱস্থিত আহোম যুগৰ ঐতিহাসিক ৰাজমাও পুখুৰীৰ পাৰৰ কাষতে পৰিতক্তভাৱে থকা প্ৰায় ২ বিঘা ভূমিত অসম চৰকাৰৰ কৃষি বিভাগৰ অধীনৰ বিশেষ আঁচনিত বানাক্ৰান্তলোকসকলৰ মাজত কঠিয়া সিচাঁৰ এক বিশেষ কাৰ্যসূচী হাতত লোৱা হয়৷নাজিৰা মহকুমাৰ কৃষি বিভাগৰ মেছাগড় কৃষি চক্ৰৰ উদ্যোগত,সেউজী সমবায় সমিতি লিমিটেড আৰু ৰাজমাও মঠিয়াছিগা উচ্চ মাধ্যমিক বিদ্যালয় প্ৰশাসনৰ সহযোগত উক্ত কাৰ্যসূচী সম্পন্ন কৰা হয়৷উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰে মেছাগড় কৃষি চক্ৰৰ কৃষি উন্নয়ন বিষয়া গৌৰৱ ফুকন,কৃষি সম্প্ৰসাৰণ সহায়কদ্বয় ক্ৰমে শান্তনু দাস আৰু বদৰুল হক,সেউজী সমবায় সমিতি লিমিটেডৰ সভাপতি তুলসী গগৈ,কৰ্মকৰ্তা দুৰ্লভ মহন,মহেন্দ্ৰ মহন,প্ৰদীপ গগৈ,পংকজ মহন্ত,শান্তনু বৰগোহাঁই,দিগন্ত কুমাৰ দাস,স্থানীয় উদীয়মান কৃষক ৰাজেশ দত্ত,অমৰজিৎ কোৱঁৰকে ধৰি স্থানীয় যুৱকসকলে৷উল্লেখ্যে যে কৃষি বিভাগৰ এই আচঁনিৰ অধীনত ৭ হেক্টৰ ভূমিত সেউজী সমবায় লিমিটেডে আগন্তুক দিনত কৃষিকৰ্ম কৰাৰ লক্ষ্য আগত ৰাখি অব্যাহত ৰখাৰ প্ৰচেষ্টাই নিঃসন্দেহে স্থানীয় গ্ৰামাঞ্চলবাসী ৰাইজক কৃষিকৰ্মৰ প্ৰতি আগ্ৰহ কৰি তোলাৰ ক্ষেত্ৰত এক নতুন মাত্ৰা প্ৰদান কৰিব৷