নাজিৰা মহকুমাৰ মহকুমাধিপতি সব্যসাচী কাশ্যপৰ এক ব্যতিক্ৰমী পদক্ষেপঃশ্মশানত বৃক্ষৰূপণৰ দ্বাৰা বিশ্ব পৰিবেশ দিৱস উদযাপন৷

বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আজি পুৱা নাজিৰা মহকুমা প্ৰশাসনৰ হৈ মহকুমাধিপতি সব্যসাচী কাশ্যপে নাজিৰা শ্মশানত ক’ভিড প্ৰটক’ল অৱলম্বন কৰি বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰি গছ পুলি ৰোপন কৰে। এই কাৰ্য্যসূচীত সমবেত সকলো প্ৰশাসনিক বিষয়া, নাজিৰা পৌৰ সভাৰ বিষয়া কৰ্মচাৰী, সাংবাদিক তথা স্থানীয় লোক সকলক মহকুমাধিপতি গৰাকীয়ে সম্ভাষন জনাই আৰু পৰিৱেশ সংৰক্ষণ তথা বৃদ্ধিৰ ওপৰত গুৰুত্ব দিয়ে। সকলোকে উদ্দেশ্যি তেখেতে কয়: “আজি আমি শ্মশানত বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰিবলৈ পদক্ষেপ হাতত তুলি লৈছোঁ। ইয়াৰ উদ্দেশ্য হল সকলো ব্যক্তিৰ শেষ যাত্ৰা যাতে সুন্দৰ আৰু স্মৰণীয় হয়। মানৱ সভ্যতাৰ স্বাৰ্থত আমি পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰিব লাগিব। গতিকে পৰিৱেশৰ ভাৰসাম্য যাতে কেতিয়াও বিনষ্ট নহয়, আমি সকলোৱে তাৰ প্ৰতি গুৰুত্ব দিয়া উচিত। বৃক্ষ ৰোপন কৰিলেই নহব, তাৰ প্ৰতিপালন ও আমি সমান্তৰাল ভাৱে কৰিব লাগিব।” তাৰ পিছতেই মহকুমাধিপতি কাৰ্যালয়ৰ চৌহদত মহকুমাধিপতি গৰাকীয়ে গছ পুলি ৰোপন কৰে। তদুপৰি ৰজাপুল আঞ্চলিক মহাসতী জয়মতী স্মৃতি দিৱস উদযাপন সমিতি, বৰবৰুৱা গাওঁ পঞ্চায়ত,নাজিৰা অধ্যয়ন চৰা আৰু এনাজৰীৰ উদ্যোগত আয়োজন কৰা গছ পুলি ৰোপন কাৰ্যসূচীতো মহকুমাধিপতি গৰাকীয়ে অংশগ্ৰহণ কৰি সকলোকে সেউজী ধৰণী ৰক্ষা কৰাৰ স্বাৰ্থত বৃক্ষ ৰোপণ কৰিবলৈ আহ্বান জনায়।উক্ত অনুষ্ঠানত নাজিৰাৰ নিৰ্বাচনী বিষয়া সুজাতা গগৈ, সহকাৰী আয়ুক্ত প্ৰীতম গগৈ, ৰুবী কুমাৰী ৰায়, তন্ময় চেতিয়াৰ, তথ্য আৰু জনসংযোগ বিষয়া বৰ্ণালী দত্তৰ লগতে পৌৰসভাৰ বিষয়া কৰ্মচাৰী বহুকেইগৰাকী বিশিষ্ট সমাজকৰ্মীয়ে এই বৃক্ষৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰি একোটিকৈ গছপুলি ৰোপণ কৰে।