নাজিৰা মহকুমাৰ মহকুমাধিপতি কাৰ্যালয়ৰ সভাকক্ষত নৱ নিযুক্ত মহকুমাধিপতি সব্যসাচী কাশ্যপে একাদিক্ৰমে নাজিৰাৰ সাংবাদিকসকল আৰু জেষ্ঠ্য নাগৰিকসকলৰ লগত নাজিৰা মহকুমাৰ বিভিন্ন সমস্যাৱলীৰ সন্দৰ্ভত পৃথকে পৃথকে সভাত মিলিত হয় । সভাৰ আৰম্ভণিতে নৱ নিযুক্ত মহকুমাধিপতিক তথ্য ও জনসংযোগ বিষয়া বৰ্ণালী দত্তই সম্বৰ্ধনা জনোৱাৰ লগতে নাজিৰাৰ সাংবাদিক সকলেও তেওঁক উষ্ম আদৰণি জনায়। মহকুমাধিপতি গৰাকীয়ে কয় যে:”নাজিৰা ৰাইজৰ গঠন মূলক কাম কাজত মই নিজকে নিয়োগ কৰিম। উন্নতিৰ কোনো সীমা নাথাকে ঠিক তেনেদৰে সমস্যাৰ ও কোনো সীমা নাথাকে। গতিকে আমি সকলোৱেই একত্ৰিত হৈ সমস্যাৰ সমাধান কৰিবলৈ চেষ্টা কৰিব লাগিব। লগতে উন্নয়নৰ পৰিক্ৰমা আমি চলাই থাকিব লাগিব।মহকুমাধিপতি গৰাকীয়ে বৰ্তমান বজাৰত সামগ্ৰীৰ আকাশলংঘী মূল্যৰ উৎসৰ সন্ধান কৰাৰ লগতে অসাধু ব্যৱসায়ীক চৰজমিন তদন্তৰ যোগেদি বিহিত ব্যৱস্থা লৈ জনসাধাৰণক সকাহ দিয়াত গুৰুত্ব আৰোপ কৰিবলৈ স্থানীয় খাদ্য আৰু অসামৰিক যোগান বিভাগক কঠোৰ নিৰ্দেশ দিয়ে লগতে খাদ্য সুৰক্ষা যোজনাৰ অধীনত প্ৰকৃত হিতাধিকাৰীসকলে চাউল তথা অত্যাৱশ্যকীয় সামগ্ৰীসমূহ যাতে লাভ কৰে তাৰ বিষয়েও চৰজমিন তদন্ত কৰিবলৈ নিৰ্দেশ দিয়ে৷ আৰু উপস্থিত থাকে নাজিৰা নিৰ্বাচনী বিষয়া সুজাতা গগৈ, নাজিৰা প্ৰেছ ক্লাবৰ সংবাদকৰ্মী, নাজিৰা জিলা সাংবাদিক সন্থাৰ সংবাদকৰ্মী, শিমলুগুৰি প্ৰেছ গীল্ডৰ সংবাদকৰ্মী, মুক্ত সাংবাদিক সন্থাৰ সংবাদকৰ্মীৰ লগতে নাজিৰাৰ বিভিন্ন ৱেব পৰ্তেল সমূহৰ সংবাদকৰ্মী সকল। উক্ত সভাত উপস্থিত থাকে নাজিৰা নিৰ্বাচনী বিষয়া সুজাতা গগৈ, সহকাৰী আয়ুক্ত ৰাজীৱ সোণোৱাল, প্ৰীতম গগৈ, ৰুবি কুমাৰী ৰায়, তন্ময় চেতিয়া আৰু তথ্য ও জনসংযোগ বিষয়া বৰ্ণালী দত্ত,মহকুমা খাদ্য আৰু অসামৰিক যোগান বিভাগ তথা গ্ৰাহক পৰিক্ৰমা বিভাগৰ সহকাৰী সঞ্চালক নিৰঞ্জন বৰা ৷
* নাজিৰা মহকুমাধিপতিৰ কঠোৰ নিৰ্দেশ খাদ্য-অসামৰিক বিভাগক,চৰজমিন তদন্তৰে মূল্যবৃদ্ধি প্ৰতিৰোধ সম্ভৱ৷
