PR NEWS ASSAM ২৫ ছেপ্তেম্বৰঃৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই যোৱা ইং ১৯ ছেপ্তেম্বৰ তাৰিখে সমগ্ৰ ৰাজ্যতেই ৰেচন কাৰ্ড আৰু অৰুণোদয় আচনিত নতুনকৈ হিতাধীকাৰী অন্তভুৰ্ক্ত কৰা প্ৰক্ৰিয়া মুকলি কৰাৰ পাছতে নাজিৰা মহকুমা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ প্ৰকাশিত এক জাননীত বৰ্তমান নতুন ১৯ ছেপ্তেম্বৰৰ পৰা ১৫ অক্টোবৰ ২০২৪ পর্যন্ত ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব৷উক্ত বাছনি কৰি পৰিয়ালসমূহক নতুন কার্ড প্ৰদান কৰাৰ প্ৰক্ৰিয়া ইতিমধ্যে চলি আছে অসম খাদ্য সুৰক্ষা বিধি ২০২২ সংশোধিত অনুযায়ী বাছনি প্রক্ৰিয়া সম্পন্ন হব। আবেদন পত্র ইতিমধ্যে pds.assam.gov.in এই পটেলত উপলব্ধ কৰা হৈছে। ৰাজ্য চৰকাৰে জাৰি কৰা নির্দেশ অনুসৰি নাজিৰা মহকুমাৰ সকলো গাঁও পঞ্চায়তৰ (সংশ্লিষ্ট) কার্যালয়ত, পৌৰসভা কাৰ্যালয়ত আবেদন পত্ৰ (FORM-C) জমা দিব পাৰিব।আবেদনকাৰীৰ যোগ্যতাৰ মাপকাঠিৰ হিচাবে পৰিয়ালৰ বার্ষিক আয় ৪ (চাৰি) লাখ টকাতকৈ কম হব লাগিব। অৱশ্যে ২.০০ (দুই) লাখ টকাতকৈ কম বার্ষিক আয়ৰ আবেদনকাৰীক অগ্রাধিকাৰ প্ৰদান কৰা হব৷ আবেদনকাৰীৰ আধাৰ কাৰ্ড থকাটো বাধ্যতামূলক।আবেদনকাৰী ভাৰতীয় নাগৰিক হব লাগিব। লগতে ৰাজ্য চৰকাৰৰ অধীনৰ সকলো মাষ্টাৰ ৰোল কৰ্মচাৰী, দৈনিক মজুৰিপ্ৰাপক, কেন্দ্রীয় তথা ৰাজ্য চৰকাৰৰ অৱসৰপ্ৰান্ত চতুৰ্থবৰ্গৰ কৰ্মচাৰী আৰু ঠিকাভিত্তিত কর্মচাৰীসকলে আবেদন কৰিব ৷প্ৰযোজনা নথিপত্ৰ শুদ্ধ ও সম্পূর্ণ ভাবে পুৰণ কৰা প্ৰ-পত্ৰ (FORM-C) ভোটাৰ কাৰ্ড-ভোটাৰ তালিকা,ঠিকনাৰ প্ৰমান পত্র, পৰিয়ালৰ সকলো সদস্যৰ ফটোগ্রাফ,পৰিয়ালৰ সক্ৰিয় হৈ থকা ফোন নম্বৰ, বার্ষিক আয়ৰ প্ৰমানপত্ৰ থকাটো জৰুৰী বুলি বিভাগীয় কতৃপক্ষৰ তৰফৰ পৰা জানিবলৈ দিছে৷
নাজিৰা মহকুমাত ৰেচন কাৰ্ডৰ নামভৰ্তি প্ৰক্ৰিয়া৷
