নাজিৰা মহকুমাত ৰেচন কাৰ্ডৰ বাবে আবেদন আৰম্ভ ৷

PR NEWS ASSAM নিউজ ডেস্ক: নাজিৰা তথা শিৱসাগৰ জিলা খাদ্য আৰু অসামৰিক যোগান বিভাগে পুণৰ ৰেচন কাৰ্ড আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰিছে ৷বিভাগৰ অলপতে জাৰি কৰা স্মাৰক নঠি নং এচ.ডি.এচ এল.০৩/২০২৩/১৯৮ দ্বাৰা শিৱসাগৰ জিলা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ সমগ্ৰ জিলা লগতে নাজিৰা মহকুমাত এই আবেদন যোৱা ইংৰাজী ২৩ জুলাইৰ পৰা লোৱা হৈছে বুলি জানিব পৰা গৈছে৷নতুন ৰেচন কাৰ্ড আৰু পুৰণা ৰেচন কাৰ্ডৰ যাৱতীয় সংশোধনৰ লগতে আবেদনসমূহ ৰাজহুৱা বিতৰণ গ্ৰাহক পৰিক্ৰমা বিভাগ,খাদ্য অসামৰিক আৰু যোগান  বিভাগৰ কাৰ্যালয়ত জমা দিবলৈ জনোৱা হৈছে ৷লগতে নিজ নিজ এলেকাৰ সমবায় বিতৰণ এজেণ্ট নতুবা কেন্দ্ৰৰ লগত যোগাযোগ কৰিব পাৰিব বুলি বিভাগীয় কতৃপক্ষৰ পৰা জনোৱা হৈছে।উল্লেখযোগ্য যে আয়ুস্মান ভাৰত কাৰ্ডত চৰকাৰে চিকিৎসাজনিত ৰেহাই ঘোষণা কৰাৰ পাছতেই ৰেচন কাৰ্ড এক প্ৰয়োজনীয় নথি হিচাবে গণ্য কৰা হৈছে আৰু ইতিমধ্যেই বহুলোকে এই ব্যৱস্থাৰ দ্বাৰা উপকৃত হৈছে ৷