PR NEWS ASSAM ২৯ : আগন্তুক ৭৮ সংখ্যক স্বাধীনতা দিৱস উদ্যাপনৰ প্ৰস্তুতিৰ সন্দৰ্ভত আজি নাজিৰা মহকুমাধিপতি কাৰ্য্যালয়ৰ সভাকক্ষত অতিৰিক্ত আয়ুক্ত তথা ভাৰপ্ৰাপ্ত মহকুমাধিপতি আয়ুষী জৈনৰ সভাপতিত্বত আৰু নাজিৰা বিধান সভা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়াৰ উপস্থিতিত এখন সভা অনুষ্ঠিত হয় ৷মহকুমা প্ৰশাসনৰ বিষয়া,বিভিন্ন বিভাগৰ বিষয়াসকলৰ উপৰি আৰক্ষী প্ৰশাসন, অৰ্দ্ধসামৰিক বাহিনীৰ প্ৰতিনিধি, বেংক, বেচৰকাৰী সামাজিক দল-সংগঠন, নেতৃস্থানীয় ব্যক্তিৰ উপস্থিতিত আয়োজিত এই সভাত সমাগত স্বাধীনতা দিৱস উদযাপন সম্পৰ্কে বিশদভাৱে আলোচনা কৰা হয় ৷ আনহাতে, স্বাধীনতা দিৱস উদযাপন সাফল্যমণ্ডিত কৰাৰ বাবে সময়মতে প্ৰস্তুতি সম্পূৰ্ণ কৰাৰ অৰ্থে বিভিন্ন বিভাগক নিজৰ নিজৰ দায়িত্বসমূহ আনুষ্ঠানিকভাৱে অৰ্পণ কৰা হয় ৷ সভাত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত কুচকাৱাজৰ বাবে প্ৰয়োজনীয় অনুশীলন আদিৰ ব্যৱস্থা কৰিবলৈ নাজিৰা মহকুমা আৰক্ষী বিষয়াক দায়িত্ব অৰ্পণ কৰা হয়। লগতে প্ৰতিটো বিভাগৰ মুৰব্বীক তেওঁলোকৰ ওপৰত ন্যস্ত কৰা দায়িত্বসমূহ সময়মতে পালন কৰিবলৈ আহ্বান জনোৱা হয়৷ স্বাধীনতা দিৱস সাফল্যমণ্ডিত কৰাৰ বাবে মহকুমা প্ৰশাসনৰ ফালৰ পৰা নাজিৰাবাসী ৰাইজৰ সহায়-সহযোগিতা কামনা কৰা হয়।

