PR NEWS ASSAM: ৭৮ সংখ্যক স্বাধীনতা দিৱস তথা হৰ ঘৰ ত্ৰিৰংগা অভিযানৰ লগত সংগতি ৰাখি আজি নাজিৰা মহকুমা প্ৰশাসনৰ উদ্যোগত নাজিৰা মহাবিদ্যালয়ত এখন চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয়।তিনিটা শাখা ক্ৰমে প্ৰাক প্ৰাথমিকৰ পৰা দ্বিতীয় শ্ৰেণীলৈ, তৃতীয় শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ আৰু ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাত ৪০০ৰো অধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।উক্ত প্ৰতিযোগিতাত বিচাৰক হিচাপে উপস্থিত থাকে জৱাহৰ নৱোদয় বিদ্যালয়ৰ শিক্ষক নৱজ্যোতি গগৈ, দিল্লী পাব্লিক স্কুলৰ শিক্ষক বিজয় গগৈ আৰু ৰং তুলিকা নাজিৰাৰ চিত্ৰশিল্পী বিশ্বজিৎ চাহু।
নাজিৰা মহকুমাত স্বাধীনতা দিৱস উপলক্ষে আয়োজিত চিত্ৰাংকন প্ৰতিযোগিতা৷
