PR NEWS ASSAM নাজিৰা, ১৪ আগষ্ট: আজাদী কা অমৃত মহোৎসৱ’ৰ সামৰণী অনুষ্ঠান উপলক্ষে ভাৰত চৰকাৰৰ ‘মেৰী মাটি, মেৰা দেশ’ শীর্ষক কার্যসূচীৰ অধীনত আজি নাজিৰা পৌৰ সভাৰ উদ্যোগত নাজিৰা বৰবৰুৱা পুখুৰী পাৰত ভাৰতবৰ্ষৰ স্বাধীনতা, সাৰ্বভৌমত্ব আৰু অখণ্ডতা ৰক্ষাৰ বাবে নিজৰ প্ৰাণ আহুতি দিবলৈয়ো কুণ্ঠাবোধ নকৰা নাজিৰা নগৰৰ শ্বহীদ বীৰ সেনানীসকলৰ পবিত্ৰ স্মৃতিত স্থাপন কৰা শিলাফলকম বন্তি প্ৰজ্বলনেৰে শুভ উদ্বোধন কৰে নাজিৰা মহকুমাৰ মহকুমাধিপতি আয়ুষী জৈনে । উপস্থিত সকলোৱে হাতত মাটি আৰু চাকি লৈ পঞ্চ সংকল্প গ্ৰহণ কৰে। উক্ত অনুষ্ঠানত নাজিৰা নগৰৰ অন্তৰ্গত স্বাধীনতা আন্দোলনত প্ৰাণ আহুতি দিয়া ৩ গৰাকী বীৰ শ্বহীদৰ পৰিয়ালৰ লোকক মহকুমাধিপতিয়ে গামোচা আৰু প্ৰশস্তি পত্ৰ প্ৰদান কৰে।দেশৰ প্ৰতিৰক্ষাৰ দায়িত্ব নিষ্ঠাৰে পালন কৰি অৱসৰ গ্ৰহণ কৰা মুঠ ৩৪ গৰাকী ভাৰতীয় সেনা আৰু আৰক্ষী বিভাগৰ বিষয়া-কৰ্মচাৰীকো উক্ত অনুষ্ঠানত সম্বৰ্ধনা জ্ঞাপন কৰা হয়। অনুষ্ঠানত নাজিৰা পৌৰ সভাৰ কাৰ্য্যবাহী বিষয়া কল্যাণ হাজৰিকা, পৌৰসভাৰ বিষয়া কৰ্মচাৰী সকল, নাজিৰা নগৰৰ ৱাৰ্ড কমিচনাৰ সকল আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।
নাজিৰা মহকুমাত “মেৰী মাটি মেৰা দেশ” শ্বহীদলৈ স্মৃতিফলক উৎসৰ্গা ৷
