নাজিৰা মহকুমাত বান পৰিস্থিতিৰ সন্দৰ্ভত জৰুৰীকালীন সভা

PR NEWS ASSAM : নাজিৰা মহকুমাধিপতি কাৰ্য্যালয়ৰ সভাকক্ষত অতিৰিক্ত আয়ুক্ত তথা নাজিৰা মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি গিতালী দুৱৰাৰ পৌৰহিত্যত মহকুমাটোৰ বান পৰিস্থিতিৰ সন্দৰ্ভত এখন জৰুৰী সভা অনুষ্ঠিত কৰা হয়। সভাত মহকুমাটোৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া সকলৰ উপস্থিতিত মহকুমাধিপতি গৰাকীয়ে মহকুমাটোৰ বান পৰিস্থিতিৰ লগত কি দৰে মোকাবিলা কৰিব পাৰি সেই সন্দৰ্ভত বিষদভাৱে আলোচনা কৰে। লগতে মহকুমাধিপতি গৰাকীয়ে সংশ্লিষ্ট বিভাগসমূহক ক্ষয় ক্ষতিৰ প্ৰতিদেৱন ক্ষীপ্রতাৰে দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে।তদুপৰি, সাহায্য শিবিৰত থকা বৰ্নাত্য সকলে যাতে সময়মতে বান সাহায্য লাভ কৰে তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিবলৈ বিভাগীয় কতৃপক্ষক মহকুমধিপতিয়ে আহ্বান জনায়। উল্লেখযোগ্য যে, সংশ্লিষ্ট প্ৰতিটো বিভাগক এই সময়ছোৱাত সজাগ আৰু সতৰ্ক হৈ থাকিবলৈ নিৰ্দেশ দিয়ে যাতে বান ক্ষতিগ্ৰস্ত লোকসকল কোনোধৰণৰ অসুবিধাৰ সন্মুখীন নহয়। তেওঁ লগতে কৃষিভূমিত হোৱা ক্ষয়-ক্ষতি, পশুখাদ্য যোগান আৰু পশু চিকিৎসা আদিৰো পৰ্যালোচনা কৰে। এই সভাত নাজিৰা মহকুমা প্ৰশাসনৰ সহকাৰী আয়ুক্ত সকল, নাজিৰা ৰাজহ চক্ৰৰ চক্ৰ  বিষয়া, জনস্বাস্থ্য কাৰিকৰী, জলসম্পদ, লোক নিৰ্মাণ, কৃষি, স্বাস্থ্য, পশু চিকিৎসা, মীন, শক্তি, শিক্ষা, নাজিৰা আৰু আমগুৰি উন্নয়ন খণ্ড, এছ ডি আৰ এফ, নাজিৰা আৰু শিমলুগুৰি পৌৰ সভাৰ মুৰব্বী বিষয়া সকলৰ লগতে বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া সকল উপস্থিত থাকে৷ এই বিষয়ে অৱগত কৰিছে নাজিৰা মহকুমা তথ্য আৰু জনসংযোগ বিভাগৰ প্ৰেছ বাৰ্তা নং ১৮২ দ্বাৰা প্ৰচাৰিত ৷