PR NEWS ASSAM ঃ নাজিৰাৰ ঐতিহাসিক বৰবৰুৱা পুখুৰী পাৰত অতিৰিক্ত আয়ুক্ত তথা নাজিৰা মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি আয়ুষী জৈনে অসম সম্পদ অ.এন.জি.চি.এলৰ কৰ্পৰেট সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনৰ “প্ৰজেক্ট ফৰ ইনষ্টলেছন অ ফ চি.চি.টি.ভি ফৰ ৱমেন এণ্ড লাইটিং অফ বৰবৰুৱা পুখুৰী” ৰ শুভ উদ্বোধন কৰে।চিচিটিভি সংস্থাপন কৰি বৰবৰুৱা পুখুৰীৰ চাৰিওকাষে পোহৰৰ ব্যবস্থা তথা মহিলাৰ লগতে জ্যেষ্ঠ নাগৰিক সকলৰ সুৰক্ষা সুনিশ্চিত কৰাই হৈছে এই প্ৰকল্পৰ মূল উদ্দেশ্য।উক্ত উদ্বোধনী অনুষ্ঠানত নাজিৰা অ.এন.জি.চি.এলৰ ই. ডি ৰাজেশ তিৱাৰী, জি.জি.এম(এইচ.আৰ) ৰিজুৱানা নাকভি, ডি.জি.এম(এইচ.আৰ)দুৰ্গেশ ভাটিয়া, নাজিৰা মহকুমাৰ সহকাৰী আয়ুক্ত সকল, বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া সকল, জ্যেষ্ঠ নাগৰিক সকল, অ.এন.জি.চি.এলৰ বিভিন্ন বিভাগৰ বিষয়া সকলৰ লগতে নাজিৰা মহকুমা প্ৰশাসনৰ কৰ্মচাৰীসকল৷