নাজিৰা মহকুমাত আন্তৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন৷

PR NEWS ASSAM নাজিৰাঃঃ

গড়গাওঁৰ ঐতিহাসিক কাৰেঙঘৰৰ বাকৰিত, শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰু ৰাষ্ট্ৰীয় আয়ুস অভিযান অসম, জিলা স্বাস্থ্য সমিতি আৰু IYNS ৰ সহযোগত অষ্টম সংখ্যক আন্তঃ ৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হয়। উল্লেখ্য যে,এই দিৱসটিত বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকে অসম বিধানসভাৰ মাননীয় উপাধ্যক্ষ ডা: নোমল মমিন। লগতে উপস্থিত থাকে ডিমা হাছাও অটনমাছ কাউছিলৰ কাৰ্য্যবাহী সদস্য ছেমুৱেল ছেংছন, জয়পুৰ যুৱ সংসদীয় সমিটিৰ উপ-সভাপতি আশুতোষ যোশী আৰু উত্তৰ পূৱ আছিয়ান চেম্বাৰ্ছ অফ কমাৰ্চৰ সঞ্চালক লালহুনা হওনাৰ অনুষ্ঠানৰ আৰম্ভণিতে অতিৰিক্ত উপায়ুক্ত তথা নাজিৰা মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি সব্যসাচী কাশ্যপে এখনি ফুলাম গামোচাৰে বিশিষ্ট ব্যক্তি সকলক আদৰণি জনায় ৷অনুষ্ঠানত অংশগ্ৰহণ কৰি মাননীয় উপাধ্যক্ষ ডা: নোমল মমিনে অসম চৰকাৰ তথা মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰি কয় যে, “এগৰাকী সু- স্বাস্থ্যৰ অধিকাৰী হবলৈ হলে আমি দৈনিক আধা ঘণ্টাকৈ শাৰীৰিক ব্যাম কৰা উচিত । প্ৰত্যেক গৰাকী ব্যক্তিৰে সমাজৰ প্ৰতি দায়বদ্ধতা আছে সেইবাবে সমাজ ব্যৱস্থাক সুন্দৰ ভাৱে পৰিচালনা কৰিবলৈ আমি পৰস্পৰে পৰস্পৰক স্নেহ কৰি নিজৰ মনটো পৱিত্ৰ কৰিব লাগিব আৰু এইয়া কেৱল যোগৰ মাধ্যমেৰেহে সম্ভৱ। বীৰ লাচিত বৰফুকন কেৱল অসমৰে নহয়, সমগ্ৰ ভাৰত বৰ্ষৰ মুকুতাৰ মণি, তেখেতে কঠোৰ পৰিশ্ৰম কৰি যোগৰ জৰিয়তে অপৰিসীম শক্তি লাভ কৰি যুদ্ধত জয়লাভ কৰিছিল, ঠিক তেনেকৈ প্ৰত্যেক গৰাকী যুৱক-যুৱতীয়ে আজিৰ যুগত নিজকে লাচিত বৰফুকনৰ নিচিনাকৈ প্ৰস্তুত কৰিব লাগিব। পৱিত্ৰ অসম ভূমিৰ এগৰাকী সু-সন্তান ৰূপে নিজকে প্ৰতিষ্ঠিত কৰিবলৈ তেওঁলোকে শৰীৰ চৰ্চা কৰাতো নিত্যান্ত প্ৰয়োজনীয় আৰু তেনে কৰিলেহে তেওঁলোকে দেশৰ উন্নতিৰ হকে কাম কৰিব পাৰিব।এই অনুষ্ঠানত নাজিৰা মহকুমাৰ চক্ৰ বিষয়া, সহকাৰী আয়ুক্ত সকল, মহকুমা আৰক্ষী বিষয়া, বিভিন্ন বিভাগৰ বিষয়াসকল, মহকুমা প্ৰশাসনৰ কৰ্মচাৰী সকল, নাজিৰাৰ সংবাদকৰ্মীসকল, নাজিৰাৰ বিশিষ্ট নাগৰিকসকল আৰু স্থানীয় ৰাইজ উপস্থিত থাকে। যোগ প্ৰশিক্ষক হিচাপে অংশগ্ৰহণ কৰে ৰাষ্ট্ৰীয় আয়ুস অভিযানৰ অসীম দত্ত, মণিদীপা গগৈ আৰু তৃষ্ণা বৰা। অনুষ্ঠানটোৰ আঁত ধৰে গোপাল বৰাই৷