PR NEWS ASSAM নাজিৰা, ১৫ ডিচেম্বৰ, ২০২৪: মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অভিনৱ চিন্তাৰে অসম চৰকাৰে হাতত লোৱা ‘বিকাশৰ ১২ দিন’ কার্যসূচীৰ অধীনত আজি অসম চৰকাৰৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ উদ্যোগত মেকীপুৰ পূজা খেল পথাৰত নতুন বিধান সভা সমষ্টি ভিত্তিত হিতাধিকাৰী সকলৰ মাজত প্ৰথম পৰ্য্যায়ৰ ৰেচন কাৰ্ড বিতৰণৰ কেন্দ্ৰীয় কাৰ্যসূচীৰ পোনপটীয়া সম্প্ৰচাৰৰ অনুষ্ঠান ৯৭ নং নাজিৰা বিধান সভা সমষ্টিটো অনুষ্ঠিত কৰা হয়।ৰেচন কাৰ্ড বিতৰণ কাৰ্যসূচীত মুখ্য অতিথি ৰূপে উপস্থিত থাকে নাজিৰা সমজিলা আয়ুক্ত কণিকা, শিৱসাগৰ জিলাৰ জিলা পৰিষদৰ মুখ্য কাৰ্য্যবাহী বিষয়া অশ্বিনী দ’লে, নাজিৰা বিধান সভা সমষ্টিৰ বিধায়কৰ প্ৰতিনিধি দিগন্ত সন্দিকৈ আৰু সদৌ অসম তাই আহোম উন্নয়ন পৰিষদৰ অধ্যক্ষৰ প্ৰতিনিধি সীমান্ত বৰঠাকুৰ । তদুপৰি, নাজিৰা বিধান সভা সমষ্টিত,১৫,৮৯৩ জন নতুন হিতাধিকাৰী ইতিমধ্যে অন্তৰ্ভুক্ত কৰা হৈছে। লগতে, আজিৰ অনুষ্ঠানত নাজিৰা বিধান সভা সমষ্টিৰ ১৪ গৰাকী হিতাধিকাৰীক আনুষ্ঠানিকভাৱে ৰেচন কাৰ্ড বিতৰণ কৰা হয়। উল্লেখ্য যে, ৰেচন কাৰ্ড প্ৰাপ্ত পৰিয়াল সমূহে বিনামূলীয়া চাউলৰ ওপৰিও বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰিব আৰু ৰন্ধন গেছৰ সংযোগ নথকা ৰেচন কাৰ্ড প্ৰাপ্ত পৰিয়াল সমূহে প্ৰধান মন্ত্ৰী উজ্বলা যোজনাৰ অধীনত বিনামূলীয়া ৰন্ধন গেছৰ সংযোগ লাভ কৰিব । সভাত নাজিৰা ৰাজহ চক্ৰ বিষয়া চন্দনা বৰুৱা,নাজিৰা সমজিলা প্ৰশাসনৰ সমূহ বিষয়া কৰ্মচাৰী সকল, হিতাধিকাৰী সকল আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।