PR NEWS ASSAM :নাজিৰা প্ৰেছ ক্লাৱত পোন প্ৰথমবাৰৰ বাবে এই আইন উপদেষ্টাৰ পদত যুৱ অধিবক্তা তথা বিশিষ্ট সাংবাদিক পংকজ মহন্ত আৰু দীৰ্ঘদিন ধৰি নাজিৰা প্ৰেছ ক্লাৱৰ লগত জড়িত হৈ থকা আপোচবিহীন আৰু নিৰবিচ্চিন্নভাৱে সামাজিক সমস্যাসমূহৰ বিষয়ে সংবাদ পৰিৱেশন কৰা পাছত সকলো সদস্যৰ সৰ্ব্বসন্মতিমৰ্মে উক্ত পদৰ বাবে দায়িত্ব অৰ্পণ কৰা হয়৷নিশ্চিতভাৱে নাজিৰা প্ৰেছ ক্লাৱৰ এনে সিদ্ধান্তই আগন্তুক দিনত যথেষ্ট গতিশীলতা প্ৰদান কৰিব ৷উল্লেখ্য যে ২০০৯ বৰ্ষতেই গুৱাহাটী বিশ্ব বিদ্যালয়ৰ পৰা গণসংযোগ আৰু সাংবাদিকতাত স্নাতকোত্তৰ ডিপ্লমা সুখ্যাতিৰে সমাপ্ত কৰাৰ লগতে ২০১২ বৰ্ষত আইন বিষয়ৰ স্নাতক সম্পন্ন কৰি শিৱসাগৰ,চৰাইদেউ ,যোৰহাট,ডিব্ৰুগড়,গুৱাহাটী আদিৰ আদালতত উকালতি কৰাৰ উপৰিও জনসাধাৰণক বিনামূলীয়া আইন সেৱা আৰু আইন সজাগতা সভা , ক’ভিডৰ সময়ত আইন সজাগতা সেৱা,বিভিন্ন সামগ্ৰী বিনামূলীয়া বিতৰণ কৰাত গুৰুত্বপূৰ্ণ উদ্যোগ লৈছিল৷নাজিৰাৰ বিভিন্ন সামাজিক অনুষ্ঠান -প্ৰতিষ্ঠানৰ লগত জড়িত তথা পূৰ্বতে বাউলীমৈদাম হাইস্কুলৰ বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি আৰু বৰ্তমানৰ ওপৰ নাজিৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি,সুদীৰ্ঘ ৮ বছৰ শিৱসাগৰ জিলা আইন প্ৰাধিকাৰীৰ নাজিৰা আদালতৰ অন্যতম মনোনীত অধিবক্তা হিচাবে সেৱা আগবঢ়াই আহিছে যুৱ অধিবক্তাজন৷দেশৰ অন্যতম বৃহৎ সাংবাদিক সংগঠন জাৰ্নেলিষ্ট ইউনিয়ন অৱ ইণ্ডিয়াৰ অসমৰ হৈ ২০১৬-২০১৭ ৰ ৰাজস্থানৰ কোটা চহৰত অনুষ্ঠিত হোৱা কনফাৰেন্সত ৰাজ্যৰ হৈ অন্যতম সাংবাদিক হিচাবে প্ৰতিনিধিত্ব কৰিছিল ৷২০২২ বৰ্ষৰ আন্তৰাষ্ট্ৰীয় দুৰ্নীতি বিৰোধী দিৱসত গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰত দুৰ্নীতি বিৰোধী বটা পাব লৈ সক্ষম হৈছিল যুৱ অধিবক্তাজনে ৷
নাজিৰা প্ৰেছ ক্লাৱৰ নতুন সমিতিত আইন উপদেষ্টাৰ পদত যুৱ অধিবক্তা *পংকজ মহন্ত*
