PR NEWS ASSAM: ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ দিনাই নাজিৰাৰ অ’ এন জি চি অসম সম্পদৰ প্ৰৱেশ দুৱাৰত সাংবাদিকক দুব্যৱহাৰ কৰি ভাস্কৰ গগৈ নামৰ আৰক্ষী জোৱানজনে মাৰণাস্ত্ৰৰে প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰিছিল।প্ৰাপ্ত তথ্য অনুসৰি সংবাদ কৰ্মী জাকিৰ আখতাৰ হুচেইন,সৌৰভ কোঁচ,দিলীপ শইকীয়া,জুলফিকাৰ আলী আৰু ৰফিকুুুু ৰহমানৰ অ’ এন জি চি অসম সম্পদৰ আবাসিক এলেকাত নিৰাপত্তাৰক্ষীয়ে প্ৰবেশ কৰাত বাধা দি অশ্লীল ভাষাৰে গালি গালাজ কৰি হাতত মাৰনাস্ত্ৰ লৈ প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰাক লৈ নাজিৰা সকলো সংবাদ কৰ্মীয়ে মূল প্ৰৱেশ দুৱাৰৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিছিল ৷নাজিৰা আদৰ্শ থানা আৰক্ষীয়ে আহি সাংবাদিকসকলৰ ন্যায় প্ৰদানৰ আশ্বাস দিয়াত পৰিৱেশ শান্ত হৈছিল যদিও একাংশ আৰক্ষী আৰু একাংশ সাংবাদিকৰ মাজত বাক-বিতণ্ডাৰ পৰিৱেশৰ সৃষ্টি হৈছিল৷ ৷পৰৱৰ্তীসময়ত নাজিৰা আদৰ্শ আৰক্ষী থানাত সাংবাদিকসকলে উক্ত আৰক্ষী জোৱানজনৰ বিৰুদ্ধে এক এজাহাৰ দাখিল কৰাৰ পাছত এটা গোচৰ ৰুজু হয় ২৯/২০২৪ ১২৬(২)/৩৫১(৩)ভাৰতীয় ন্যায় সংহিতাৰ ধাৰা আৰু উক্ত সাংবাদিকসকলৰ বিৰুদ্ধে ৩০/২০২৪ ভাৰতীয় ন্যায় সংহিতাৰ ধাৰা ১৩২/২২১/৩৫২/৩(৫) ৰ শীৰ্ষক গোচৰ ৰুজু হয়৷ জানিব পৰামতে আৰক্ষীয়ে দুই পক্ষকে থানাত সোধা-পোছাৰ অন্তত জামিনত মুকলি কৰি দিয়ে যিহেতু ধাৰাসমূহ আছিল জামিনযোগ্য ৷ঘটনাই ক্ৰমাৎ জটিলতাৰ দিশে আগবঢ়াৰ সময়তে আৰু বিভিন্ন মহলত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল দুই পক্ষৰ অনাহক এনে পৰিস্থিতিৰ মাজত ভৱিষ্যত দিনত আৰক্ষী আৰু সংবাদকৰ্মীৰ মাজত দুৰত্ব বৃদ্ধি পাইছে তাৰ পৰিপ্ৰেক্ষিতত নাজিৰা প্ৰেছ ক্লাৱত নাজিৰা জিলা সাংবাদিক সংস্থা,শিমলুগুৰি প্ৰেছ গিল্ড, মুক্ত সাংবাদিক সন্থাৰসমূহ নাজিৰা মহকুমাৰ সাংবাদিকৰে মত বিনিময় কৰি আগন্তুক দিনত কি কাৰ্যপন্থা লৈ সাংবাদিকসকলক একত্ৰিত কৰিব পাৰি তাৰ এক সুব্যৱস্থা কৰাৰ বাবে সভাই সিদ্ধান্ত গ্ৰহণ কৰে ৷
নাজিৰা প্ৰেছ ক্লাৱত সাংবাদিকৰ মত-বিনিময় : সাংবাদিক-আৰক্ষী জোৱানৰ পৰস্পৰৰ গোচৰক লৈ পৰ্যালোচনা ৷
