নাজিৰা প্ৰেছ ক্লাৱত আগন্তুক বিধানসভা নিৰ্বাচনত ১০৪ নং নাজিৰা আৰু ১০৫ নং মাহমৰা বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা ভাৰতীয় জনতা পাৰ্টি,কংগ্ৰেছ,অসম জাতীয় পৰিষদ,ৰাইজৰ দল,ফৰৱাৰ্ড ব্লক আৰু নিৰ্দলীয় প্ৰাৰ্থীৰ সৈতে সংবাদসেৱী আৰু বিভিন্ন স্তৰৰ ব্যক্তিসকলৰ উপস্থিতিত মুখামুখি শীৰ্ষক এক মত বিনিময় অনুষ্ঠান অনুষ্ঠিত হৈ যায় ৷নাজিৰা বিধানসভাৰ পৰা প্ৰতিদ্বন্দ্বী আগবঢ়োৱা ভাৰতীয় জনতা পাৰ্টিৰ ময়ুৰ বৰগোহাঁই,কংগ্ৰেছৰ দেৱব্ৰত শইকীয়া,অসম জাতীয় পৰিষদৰ ৰিবুলয়া গগৈ,ফৰৱাৰ্ড ব্লকৰ হৰেন বৰগোহাঁই,নিৰ্দলীয় প্ৰাৰ্থী মিণ্টু বৰুৱা আৰু আনহাতে মাহমৰা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টিৰ হৈ যোগেন মহন,কংগ্ৰেছৰ সুৰুজ দিহিঙীয়া,ৰাইজৰ দলৰ লোহিত গগৈয়ে অংশগ্ৰহণ কৰে৷অনুষ্ঠানৰ আতঁ ধৰে জেষ্ঠ্য সাংবাদিক তথা নাজিৰা প্ৰেছ ক্লাৱৰ সম্পাদক অনুজ ৰাজখোৱাই ৷
নাজিৰা প্ৰেছ ক্লাৱত মুখামুখি অনুষ্ঠান৷
