*নাজিৰা প্ৰশাসন আৰু জনসংযোগ বিভাগৰ ক’ৰনা সজাগতামূলক ভিডিঅ’ মুকলি*

PR NEWS ASSAM নাজিৰা, ২৬ জুন: সমগ্ৰ ৰাজ্যকত ক’ৰনাই ব্যাপক ৰূপ ধাৰণ কৰিছে। তাৰেই পৰিপ্ৰেক্ষিতত সজাগতা সৃষ্টিৰ উদ্দেশ্যে নাজিৰা মহকুমা প্ৰশাসন আৰু জনসংযোগ বিভাগে এক আশাব্যঞ্জক পদক্ষেপ হাতত তুলি লৈছে। চাহ বাগিচাৰ লোক সকলৰ উপৰিও জনসাধাৰণক সজাগ আৰু সচেতন কৰাৰ উদ্যমী প্ৰচেষ্টাত নাজিৰা মহকুমা প্ৰশাসন, তথ্য আৰু জনসংযোগ বিভাগ, চাহ মজদুৰ সংঘ নাজিৰা শাখা আৰু চাহ জনগোষ্ঠীৰ সাহিত্য সভাৰ উদ্যোগত ইতিবাচক দিশেৰে এক সজাগতামূলক ভিডিঅ’ নিৰ্মাণ কৰা হয়। আজি চাহ মজদুৰ সংঘ নাজিৰা শাখাৰ কাৰ্য্যালয়ত দিনৰ ১০ বজাত আনুষ্ঠানিক ভাৱে ভিডিঅ’টি মুকলি কৰে নাজিৰা মহকুমাৰ মহকুমাধিপতি সব্যসাচী কাশ্যপে। পৰৱৰ্তী সময়ত অনুষ্ঠানত উপস্থিত লোকসকলক প্ৰজেক্টৰৰ মাধ্যমেৰে সজাগতামূলক ভিডিঅ’টি প্ৰদৰ্শন কৰা হয়।অনুষ্ঠানত অংশ লৈ মহকুমাধিপতি গৰাকীয়ে পোনপ্ৰথমে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে। তেওঁ ক’ৰনা অতিমাৰীৰ সম্পৰ্কে এক মনোজ্ঞ ভাষণ প্ৰদান কৰি কয় যে,এই ভিডিঅ’টিয়ে জনসাধাৰণৰ মাজত নিশ্চয় প্ৰভাৱ বিস্তাৰ কৰিব। ইয়াত জড়িত সকলো লোকে সৃষ্টিশীল কামত মনোনিবেশ কৰিবলৈ সক্ষম হৈছে। ক’ভিড মহামাৰীৰ এই সময়ছোৱাত আমি পৰস্পৰে পৰস্পৰৰ সহযোগী হব লাগিব আৰু তেতিয়াহে আমি এই যুঁজত জয়ী হব পাৰিম।” এই  ভিডিঅ’ৰ মাজেৰে প্ৰেৰণ কৰিব বিচৰা বাৰ্তা সকলোৰে বোধগম্য হব বুলি মহকুমাধিপতি গৰাকী আশাবাদী। অনুষ্ঠানত উপস্থিত থকা ভালে কেইজন ব্যক্তিয়ে সজাগতামূলক ভিডিঅ’টিৰ ওপৰত বক্তব্য প্ৰদান কৰি, নাজিৰা মহকুমা প্ৰশাসনৰ আশাশুধীয়া প্ৰচেষ্টাৰ শলাগ লয়। জনসচেতনতা বৃদ্ধি কৰাৰ লক্ষ্যৰে, মহকুমা প্ৰশাসনৰ লগতে তথ্য ও জনসংযোগ বিভাগৰ ফেচবুক আৰু টুইটাৰত এই ভিডিঅ’ আপলোড কৰা হ’ব।
ভিডিঅ’টোৰ গীতৰ কথা আৰু সুৰ ভদ্ৰ ৰজোৱাৰ, পৰিচালনা বৰ্ণালী দত্ত, বসন্ত ৰজোৱাৰ আৰু ভদ্ৰ ৰজোৱাৰ, সংগীত পৰিচালনা অৰূপ, বাবুল, বুদ্ধ, চিত্ৰগ্ৰহণ ৱাচিম, চাট্টৰ, প্ৰতীম আৰু ভিডিঅ’ সম্পাদনা জুলফিকুৰ ৰহমানৰ (মাল্টিক্লিক প্ৰডাকচন)।
উল্লেখ্য যে আজিৰ এই অনুষ্ঠানত নাজিৰা মহকুমাৰ মহকুমাধিপতি সব্যসাচী কাশ্যপ প্ৰমুখ্যে সহকাৰী আয়ুক্ত ৰাজীৱ সোণোৱাল, অসম চাহ মজদুৰ সংঘ নাজিৰা শাখাৰ সম্পাদক উপেন চাহু, সভাপতি দেবেন ৰবি দাস, সহকাৰী সম্পাদক ভদ্ৰ ৰাজোৱাৰ; অসম চাহ কৰ্মচাৰী সংঘ নাজিৰা শাখাৰ চিন্ময় বৰা; চাহ জনগোষ্ঠীৰ সাহিত্য সভাৰ সহকাৰী সম্পাদক বসন্ত ৰাজোৱাৰ; অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ বিষয়ববীয়া সকল; বিভিন্ন চাহ বাগিচাৰ পৰিচালক আৰু কল্যাণ বিষয়া সকল; চাহ বাগানৰ প্ৰতিনিধি সকল; ছপা আৰু বৈদুতিন মাধ্যমৰ সন্মানীয় সাংবাদিক সকলৰ উপৰিও কেইবাগৰাকী নেতৃস্থানীয় ব্যক্তিয়ে অংশগ্রহণ কৰে। উক্ত অনুষ্ঠান আঁত ধৰে তথ্য আৰু জনসংযোগ বিষয়া বৰ্ণালী দত্তই। লক্ষ্যণীয় যে, আজিৰ এই অনুষ্ঠান সম্পূৰ্ণ ক’ভিড বিধি পালন কৰি উদযাপন কৰা হৈছিল।