নাজিৰা নিৰ্বাচনী জিলাৰ উদ্যোগত গেলেকী কনিষ্ঠ মহাবিদ্যালয়ত বক্তৃতা প্ৰতিযোগিতা৷

নাজিৰা ২৩ মাৰ্চ, ২০২১ : নাজিৰা নিৰ্বাচনী জিলা তথা মহকুমা প্ৰশাসনৰ উদ্যোগত গেলেকী কনিষ্ঠ মহাবিদ্যালয়ৰ সহযোগত আগন্তুক বিধানসভা নির্বাচন উপলক্ষে যুৱ প্ৰজন্মৰ মাজত সজাগতা সৃষ্টিৰ লক্ষ্যৰে  আজি ছাত্র-ছাত্ৰীসকলৰ মাজত এখনি বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত হয়। কুৰিৰো অধিক প্ৰতিযোগীয়ে অংশগ্রহণ কৰা প্ৰতিযোগিতাখনিত প্ৰথম স্থান লাভ কৰে উপাসনা বৰা, দ্বিতীয় স্থান লাভ কৰে মানস আৰন্ধৰা, তৃতীয় স্থান লাভ কৰে সূৰুয কুৰ্মী আৰু উদগনি মূলক বঁটা লাভ কৰে শেৱালী গগৈয়ে। প্ৰতিযোগিতাখনিৰ  বিচাৰকৰ দায়িত্বত আছিল গড়গাঁও মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা দেৱযানী বকলীয়াল আৰু খটখটী মধ্য ইংৰাজী বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী দীপালি দুৱৰা। প্ৰতিযোগিতাৰ অন্তত গেলেকী কনিষ্ঠ মহাবিদ্যালয় প্ৰেক্ষাগৃহত  নাজিৰা নিৰ্বাচনী জিলাৰ পৰ্যবেক্ষক ড° পাৰ্থ সাৰথি মিশ্র, নাজিৰা মহকুমাৰ অতিৰিক্ত উপায়ুক্ত তথা মহকুমাধিপতি লখিমী দত্ত, সহকাৰী আয়ুক্ত তন্ময় চেতিয়া, তথ্য আৰু জনসংযোগ বিষয়া বৰ্ণালী দত্ত, মহাবিদ্যালয়খনিৰ অধ্যক্ষ পুতুল গগৈ, প্ৰাক্তন অধ্যক্ষ সুৰেশ চেতিয়া, মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি থুনুক গগৈকে ধৰি শিক্ষক- শিক্ষার্থীসকলৰ  উপস্থিতিত নিৰ্বাচন সম্পৰ্কীয় এখনি সজাগতামূলক সভা অনুষ্ঠিত হয়। অনুষ্ঠানটি সুন্দৰকৈ পৰিচালনা কৰে  গেলেকী কনিষ্ঠ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ শিক্ষয়িত্ৰী ৱাহিদা খাতুনে। নিৰ্বাচনী পৰ্যবেক্ষক ড° মিশ্ৰই যুৱশক্তিক গণতন্ত্ৰৰ মহাশক্তি আখ্যা দি সবল গণতান্ত্রিক ৰাষ্ট্ৰ গঠনত সক্ৰিয়তাৰে অংশগ্রহণ কৰিবলৈ আহ্বান জনায়। মহকুমাধিপতি লখিমী দত্তই সকলোকে বিবেক বিবেচনাৰে ভোট প্ৰদান কৰি, নাজিৰা নিৰ্বাচনী জিলাৰ ১০০% ভোটাধিকাৰ সাব্যস্তৰ বাবে আহ্বান জনায়। শিক্ষাৰ্থীসকলৰ মাজত সজাগতামূলক প্লে-কাৰ্ড, ‘মা-দেউতালৈ চিঠি’ শীর্ষক অভিনৱ পত্ৰ প্ৰদানে তেওঁলোকক বিশেষভাৱে উৎসাহিত কৰা পৰিলক্ষিত হয়। মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলে অসমৰ বাৰেৰহনীয়া জনগোষ্ঠীয় নৃত্য-গীত প্ৰদৰ্শনেৰে অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰে।