নাজিৰা নগৰৰ সৌন্দৰ্যবৰ্ধনৰ বাবে নাজিৰা পৌৰসভাৰ বিশেষ পদক্ষেপ ৷

নাজিৰা নগৰৰ সৌন্দৰ্যবৰ্ধনৰ বাবে বিগত কেইদিনত নাজিৰা পৌৰ সভাই কেইবাটাও পদক্ষেপ গ্ৰহণ কৰে । নাজিৰা পৌৰ সভাই নাজিৰা পৌৰসভা এলেকাৰ অন্তৰ্গত বৰঠাকুৰ পথ, লাহতি পেট্ৰল পাম্পৰ পৰা পোষ্ট অফিচলৈ পথচোৱা, কছাৰী পথ, নামঘৰ পথ,নাজিৰা পৌৰসভা কাৰ্য্যালয়ৰ সমীপৰ ফিল্ড অভিমুখী পথ(field approach road) , আৰু চুকাফা নগৰ পথত ইতিমধ্যে পেভাৰ ব্লক(paver block) লগাই ৰাইজৰ যাতায়তৰ বাবে সুচল কৰি তুলিছে। লগতে গোঁহাই সন্দিকৈ পথ, নাজিৰা কলেজৰ সমুখৰ পথ আৰু মৈৰা সত্ৰ পথৰ পেভাৰ ব্লক( paver block) লগোৱা কাম পূৰ্ণগতিত চলি আছে । অসম ৰাজ্যিক পৰিবহণ নিগমৰ ৰাজহুৱা প্ৰসাৱগাৰ আৰু নাজিৰা হায়াৰ চেকেণ্ডাৰী স্কুলৰ সমীপৰ স্কুল পথত থকা ৰাজহুৱা প্ৰসাৱগাৰ চাফাই কৰাৰ লগতে দেৱাল অঙ্কনৰ জৰিয়তে ৰাইজক স্বচ্ছতাৰ প্ৰতি অভিৰোচিত কৰিবলৈ নাজিৰা পৌৰসভাই ব্যৱস্থা গ্ৰহণ কৰিছে । একেদৰেই নাজিৰা পৌৰসভাৰ উদ্যোগত নাজিৰা হায়াৰ চেকেণ্ডাৰী স্কুলৰ সমীপত, নাজিৰাৰ দৈনিক বজাৰ, নাজিৰা ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ চাৰিসীমাৰ দেৱাল সমূহত আৰু হাতীসৰকা দলংত স্বচ্ছতা বিষয়ক ছবি অংকন কৰা হৈছে । ইয়াৰ জৰিয়তে সৌন্দৰ্যবৰ্ধন কৰাৰ লগতে ৰাইজক স্বচ্ছতাৰ প্ৰতি সজাগ কৰি তুলিবলৈ নাজিৰা পৌৰসভাই প্ৰয়াস কৰিছে । অনাগতদিনত নাজিৰা নগৰৰ সৌন্দৰ্য্যবৰ্ধনৰ বাবে আন কিছু পদক্ষেপ গ্ৰহণ কৰা হব বুলি নাজিৰা পৌৰসভাৰ কাৰ্যবাহী বিষয়া সুজাতা গগৈয়ে জনাইছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *