PR NEWS ASSAM “ৰাজ্যৰ সৰ্বাংগীণ উন্নয়নৰ অবিৰত প্ৰয়াস – বিকাশ যাত্ৰা”ৰ অংশ স্বৰূপে যোৱা ইংৰাজী ১৩ মাৰ্চ তাৰিখে নাজিৰা মহকুমা অন্তৰ্গত চানবছাস্থিত “ৰপ্তানিমুখী গাহৰি মাংস সংসাধন প্ৰকল্প” ৰ শুভ উদ্বোধন কৰে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। কিন্তু বছৰ বছৰ ধৰি অৱহেলিত হৈ থকা ঐতিহাসিক নগা আলিৰ কাম আৰম্ভ কৰাৰ পাছত বহুদিন ঠিকাদাৰে অৱহেলিত ৰুপত ৰাখি মুখ্যমন্ত্ৰীৰ আগমণত বিভাগীয় কতৃপক্ষৰ গা লৰি আগদিনা ৰাতিটোৰ ভিতৰতেই সমস্ত নগা আলিটোৰ কাৰ্পেটিং কৰাৰ চেষ্টা চলোৱাৰ ব্যৰ্থ প্ৰচেষ্টাৰ ফলত আলিটোৰ আধৰুৱা কাম নিম্নমানৰ হয় ৷ ব্লেক কাৰপেটিং চটাই চটাই এৰোৱাৰ ফলত স্থানীয় ৰাইজৰ মাজত ব্যাপক বিষোদগাৰ আৰম্ভ হৈছে৷উল্লেখ্য যে আগদিনা কামত স্থানীয় জনসাধাৰণৰ তীব্ৰ আপত্তি দৰ্শাইছিল যদিও বাধাক উপেক্ষা কৰি পথছোৱাৰ মেৰামতিৰ কাম আৰম্ভ কৰিল যদিও কাম নিম্নমানৰ হয়৷তাৰ পৰৱৰ্তী একমাহৰ পাছত পুণৰ নগা আলিৰ কাম কাজ আৰম্ভ কৰে যদিও পথছোৱাৰ মেৰামতিৰ কাম নিম্নমানৰ হোৱাৰ ফলত ঠায়ে ঠায়ে পথছোৱাৰ ব্লেক কাৰপেটিং এৰাই গৈছে ৷ এনেদৰে পথছোৱাৰ কাম আধৰুৱা হৈ থাকিলে স্থানীয় জনসাধাৰণে বাৰিষাৰ সময়ত ব্যাপক অসুবিধাৰ সন্মুখীন হোৱাৰ লগতে চৰকাৰী ধনৰ যে অপচয় হ’ব সি নিশ্চিত ৷