PR NEWS ASSAM : “ৰাজ্যৰ সৰ্বাংগীণ উন্নয়নৰ অবিৰত প্ৰয়াস – বিকাশ যাত্ৰা”ৰ অংশ স্বৰূপে আজি নাজিৰা মহকুমা অন্তৰ্গত চানবছাস্থিত “ৰপ্তানিমুখী গাহৰি মাংস সংসাধন প্ৰকল্প” ৰ শুভ উদ্বোধন কৰে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।কিন্তু বছৰ বছৰ ধৰি অৱহেলিত হৈ থকা ঐতিহাসিক নগা আলিৰ কাম আৰম্ভ কৰাৰ পাছত বহুদিন ঠিকাদাৰে অৱহেলিত ৰুপত ৰাখি মুখ্যমন্ত্ৰীৰ আগমণত বিভাগীয় কতৃপক্ষৰ গা লৰি আগদিনা ৰাতিটোৰ ভিতৰতেই সমস্ত নগা আলিটোৰ কাৰ্পেটিং কৰাৰ চেষ্টা চলোৱাৰ পাছত ব্যৰ্থ প্ৰচেষ্টাৰ ফলত আলিটোৰ আধৰুৱা কাম নিম্নমানৰ হয় ৷ ফলত স্থানীয়ৰাইজৰ মাজত ব্যাপক বিষোদগাৰ আৰম্ভ হৈছে৷উল্লেখ্য যে আগদিনা কামত স্থানীয় জনসাধাৰণৰ তীব্ৰ আপত্তি দৰ্শাইছিল যদিও বাধাক উপেক্ষা কৰি পথছোৱাৰ মেৰামতিৰ কাম আৰম্ভ কৰিল যদিও কাম নিম্নমানৰ হয়৷প্ৰশাসনো এই সন্দৰ্ভত মৌন হৈ থকাৰ অভিযোগ উঠিছে৷