নাজিৰা কলেজত নিৰ্বাচন সম্পৰ্কীয় বৰ্ণাঢ্য কাৰ্যসূচী৷


PR NEWS ASSAM নিউজ ডেস্কঃ ১০৪ নং নাজিৰা বিধানসভা সমষ্টিত আগন্তুক নিৰ্বাচনৰ সন্দৰ্ভত জিলা নিৰ্বাচনী বিষয়া, অতিৰিক্ত উপায়ুক্ত তথা ভাৰপ্ৰাপ্ত মহকুমাধিপতি লখিমী দত্ত আৰু নাজিৰা প্ৰশাসনৰ তৰফৰ পৰা আজি এক নিৰ্বাচনী সজাগতামূলক  কাৰ্য্যসূচী নাজিৰা মহাবিদ্যালয়ত অনুষ্ঠিত কৰা হয়। এই কাৰ্য্যসূচীত মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলৰ মাজত ৰংগোলী প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।  প্ৰতিযোগিতাত বিচাৰকৰ আসন গ্ৰহণ কৰে আলি হাইদৰ আৰু প্ৰশান্ত ফুকনে। প্ৰতিযোগিতাৰ শীৰ্ষক বিষয়বস্তু আছিল “নিৰ্বাচন আমাৰ ৰাষ্ট্ৰীয় উৎসৱ”। এই প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ লাভ কৰে আধুনিকা চুতীয়া, দ্বিতীয় বিতুপন গগৈ আৰু তৃতীয় পুৰস্কাৰ লাভ কৰে অদিতি লাহনে । উক্ত অনুষ্ঠানত বিশিষ্ট অতিথি হিচাবে নিৰ্বাচনী পৰ্যবেক্ষক ড০ পাৰ্থ সাৰথি মিশ্ৰ (আই এ এচ), নাজিৰা নিৰ্বাচনৰ ব্ৰেণ্ড এম্বেচাদৰ অন্যান্য দত্ত আৰু জিলা নিৰ্বাচনী বিষয়া  লক্ষিমী দত্ত উপস্থিত থাকে।  এই অনুষ্ঠানতে শিক্ষা বিভাগৰ প্ৰধান অধ্যাপক ড০ সুৰেশ ৰাজকোঁৱৰৰ  তত্ত্বাৱধানত গঢ় লৈ উঠা বিভাগীয় প্ৰাচীৰ পত্ৰিকা “ৰাধা কৃষ্ণণ চ’ৰা” উন্মোচন কৰে ড০ পাৰ্থ সাৰথি মিশ্ৰই। অনুষ্ঠানটি পৰিচালনা কৰে শিক্ষা বিভাগৰ সহকাৰী অধ্যাপিকা মৌচুমী দুৱৰা আৰু সমবায় বিভাগৰ সহকাৰী পঞ্জীয়ক ড° নাচিৰুদ্দীন আহমেদে। শেষত মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে অসমীয়া কৃষ্টি বিহু নাচ প্ৰদৰ্শন কৰে৷