PR NEWS ASSAM নাজিৰা ঃ সমগ্ৰ ৰাজ্যৰ লগতে নাজিৰা মহকুমা অন্তৰ্গত নাজিৰা আৰু শিমলুগুৰি পৌৰসভাৰ নিৰ্বাচনৰ ফলাফলো ঘোষণা কৰা হয়। বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াৰ লগতে সমষ্টিটোত কংগ্ৰেছক বিধস্ত কৰি নাজিৰা আৰু শিমলুগুৰি পৌৰসভা বিজেপি-অগপ মিত্ৰজোটে দখল কৰে৷ শিমলুগুৰি পৌৰসভাৰ ৪ নং ৱাৰ্ডত ইতিমধ্যে বিনা প্ৰতিদ্বন্দিতাৰে বিজেপিৰ প্ৰাৰ্থী বিজয়ী হৈছে। আজি পুৱা ৮ বজাৰ পৰা সম্পূৰ্ণ নিৰাপত্তা ব্যৱস্থাৰ মাজত নাজিৰাৰ ১০ টা ৱাৰ্ডৰ আৰু শিমলুগুৰিৰ ৯ টা ৱাৰ্ডৰ ভোট গণনা আৰম্ভ কৰা হয়। গণনাৰ অন্তত আনুষ্ঠানিক ভাৱে ফলাফল ঘোষণা কৰাৰ লগতে বিজয়ী প্ৰাৰ্থী সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়। নাজিৰা পৌৰসভাৰ ১,২,৩,৬,৭,৯ আৰু ১০ নং ৱাৰ্ডত বিজেপিৰ প্ৰাৰ্থী আৰু ৪,৫,৮ নং ৱাৰ্ডত অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হয়। আনহাতে শিমলুগুৰি পৌৰসভাৰ ১০ টা ৱাৰ্ডৰ ৯ টা ৱাৰ্ডতে বিজেপিৰ প্ৰাৰ্থীয়ে জয়লাভ কৰাৰ বিপৰীতে ৬ নং ৱাৰ্ডত কংগ্ৰেছৰ প্ৰাৰ্থীয়ে জয়লাভ কৰে। তদুপৰি ৪ নং ৱাৰ্ডত বিজেপিৰ প্ৰাৰ্থীয়ে বিনা প্ৰতিদ্বন্দিতাৰে জয় লাভ কৰে। দুয়োখন পৌৰ সভাৰ বিজয়ী প্ৰাৰ্থীৰ তালিকাখন তলত দিয়া ধৰণৰ -নাজিৰা পৌৰসভাৰ বিজয়ী প্ৰাৰ্থীসকল ৱাৰ্ড নং ১- বনশ্ৰী দাস (৫৪৭), ৱাৰ্ড নং ২ – গীতাঞ্জলি দত্ত (৩৭৪), ৱাৰ্ড নং ৩ – মঞ্জু মেচ (৫৯৬), ৱাৰ্ড নং ৪ – নাছিমুদ্দিন আহমেদ (১৯৩), ৱাৰ্ড নং ৫ – গুণ গোবিন্দ দত্ত (২৫৮), ৱাৰ্ড নং ৬ – শুৱলা দাস (৩১৭), ৱাৰ্ড নং ৭ – ঊষা ৰাণী দাস হাজৰিকা (৩৬৩), ৱাৰ্ড নং ৮ – চিমলী বৰা (২৫৩), ৱাৰ্ড নং ৯ – লখিমী বৰ্মন (৫০৩) আৰু ৱাৰ্ড নং ১০ – বৰ্ণালী চেতিয়া (৫৩৭) । শিমলুগুৰি পৌৰসভাৰ বিজয়ী প্ৰাৰ্থীসকল। ৱাৰ্ড নং ১- প্ৰশিত নাগ (২৮১), ৱাৰ্ড নং ২ – অবন্তি লাহন (৩০৩), ৱাৰ্ড নং ৩ – চেব্ৰিন ৰহমান (৩৪২), ৱাৰ্ড নং ৫ – বসন্তী চেতিয়া গগৈ (৩৩৮), ৱাৰ্ড নং ৬ – স্বপ্না গগৈ শইকীয়া (৪১১), ৱাৰ্ড নং ৭ – পুনম দেৱী (২৪৮), ৱাৰ্ড নং ৮ – ক্ষীৰোদ শেনছোৱা (৪১০), ৱাৰ্ড নং ৯ – কবিতা মেচ (৩৮২) আৰু ৱাৰ্ড নং ১০ – জয়ন্ত বৰগোহাঁই (১৭৬)।
*নাজিৰা আৰু শিমলুগুৰি পৌৰসভা বিজেপি-অগপ মিত্ৰজোঁটৰ দখলতঃবিধস্ত কংগ্ৰেছ৷
