নিউজ ডেস্ক PR NEWS ASSAMঃ নাজিৰাৰ মঠিয়াচিগাত মহকুমা কৃষি বিভাগৰ উদ্যোগত আৰু সেউজী সমবায় লিমিটেডৰ সহযোগত প্ৰায় তিনি বিঘা মাটিত আজি কঠিয়া সিঁচাৰ এক কায্যসূচী গ্ৰহণ কৰা হয় । অসম চৰকাৰৰ কৃষি বিভাগৰ অধীনত বানাক্ৰান্ত লোকসকলৰ মাজত কঠিয়া সিঁচাৰ কায্যসূচীক সকলোৱে প্ৰসংশা কৰিছে ।। নিশ্চয় এনে ধৰণৰ প্ৰচেষ্টাই স্থানীয় লোকসকলক কৃষিকৰ্মৰ প্ৰতি আগ্ৰহী কৰি তুলিব ।আজিৰ এই কাৰ্যসূচীত উপস্থিত থাকে জিলা কৃষি উন্নয়ন বিষয়াৰ লগতে বিভাগৰ মহকুমা কৃষি উন্নয়ন বিষয়া আৰু সেউজী সমবায় সমিতিৰ বিষয়ববীয়া আৰু সদস্যসকল ৷সেউজী সমবায় লিমিটেডৰ সভাপতি তুলসী গগৈ আৰু সম্পাদক মৃদুল মহন্তই মহকুমা কৃষি বিভাগৰ সহযোগিতা আৰু সমবায় লিমিটেডৰ সমূহ সদস্যক এই কাৰ্যসূচী সাফল্যমণ্ডিত কৰাৰ বাবে ধন্যবাদ জনাইছে৷
নাজিৰাৰ মঠিয়াছিগাত মহকুমা কৃষি বিভাগৰ উদ্যোগত আৰু সেউজী সমবায় লিমিটেডৰ সহযোগত কঠিয়া সিঁচা৷
