PR NEWS ASSAM নাজিৰাঃ
নাজিৰাৰ বিহুবৰ আৰক্ষী থানাৰ নৱনিৰ্মিত গৃহৰ শুভ উদ্বোধন অসম আৰক্ষীৰ সঞ্চালক ভাস্কৰজ্যোতি মহন্তই৷দুষ্ট প্ৰকৃতিৰ লোকক সকীয়নি প্ৰদান কৰে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান গৰাকীয়ে৷আজি ৰাজ্যজুৰি অসমবাসীয়ে পালন কৰিছে ভোগালী বিহু। ভোগালী বিহুৰ পুৱাই সমাজৰ অসূয়া অপ্ৰীতি অমংগল দূৰ হোৱাৰ মানসেৰে অগ্নিদেৱতাৰ আশীষ ল’লে অসমবাসীয়ে৷ভোগালী বিহুৰ এই পৱিত্ৰ দিনটোতেই নাজিৰা মহকুমাৰ অসম নাগালেণ্ড সীমান্তৱৰ্তী বিহুবৰ আৰক্ষী থানাৰ নৱনিৰ্মিত গৃহৰ উদ্বোধন কৰে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই৷”মৈত্ৰী” আঁচনিৰ অধীনত এক কোটি বিৰাল্লিশ লাখ চৰকাৰী পুঁজিৰে দুমহলীয়াকৈ নাজিৰা অসম নাগালেণ্ড সীমান্তৱৰ্তী বিহুবৰ আৰক্ষী থানাৰ নৱনিৰ্মিত গৃহটিৰ উদ্বোধন কৰি অসমবাসীলৈ ভোগালীৰ বিহুৰ শুভেচ্ছা জনায় মহন্তই। লগতে বৰ্তমান সময়ত অসম আৰক্ষীয়ে লোৱা কঠোৰ ভূমিকাৰ কথা উল্লেখ কৰে আৰক্ষী সঞ্চালক প্ৰধানজনে৷

