নাজিৰাৰ পৰা দেৱব্ৰত শইকীয়া তৃতীয়বাৰলৈ অসম বিধানসভালৈ নিৰ্বাচিতঃ তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ অন্তত ৬৮৩ টা ভোটৰ ব্যৱধানত পৰাজিত বিজেপি৷


নাজিৰাত কংগ্ৰেছৰ জয়ধ্বজা উৰুৱাই ক্ৰমাগতভাৱে তৃতীয়বাৰলৈ বিধায়ক হিচাপে অসম বিধানসভালৈ নিৰ্বাচিত হ’ল দেৱব্ৰত শইকীয়া  । কংগ্ৰেছ দলৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াই দুবাৰকৈ মুখ্যমন্ত্ৰী আৰু ১৯৬৭ চনৰপৰা ১৯৯১ চন পৰ্য্যন্ত ছয়বাৰকৈ বিধায়কৰ পদ দখল কৰি ৰাইজৰ সেৱা আগবঢ়াই যোৱা নাজিৰা সমষ্টিত যথাক্ৰমে ২০১১ আৰু ২০১৬ চনত বিধায়ক হিচাপে কংগ্ৰেছ দলৰপৰাই বিজয়ী হৈছে দেৱব্ৰত শইকীয়া । ক্ৰমশঃ বিৰোধী দলেও ক্ৰমাৎ শক্তি প্ৰদৰ্শন কৰিবলৈ সক্ষম হোৱা নাজিৰা সমষ্টি ২০০৬ চনত বহু কম ভোটৰ ব্যৱধানত চিপিআই দলৰ দখললৈ গৈছিল । সৰ্বপ্ৰথম বাৰৰ বাবে বিধায়ক হিচাপে বিজয়ী হোৱাৰ বেলিকা দেৱব্ৰত শইকীয়াই ২০১১ চনত ৫২৫১০ টা ভোট লাভ কৰি  চিপিআইৰ দ্ৰুপদ বৰগোহাঞিৰ সৈতে হোৱা প্ৰতিদ্বন্দিতাত ভোটৰ ব্যৱধান আছিল ৩৩৮১০ টা । ২০১৬ চনত কংগ্ৰেছৰ দেৱব্ৰত শইকীয়াই বিজেপিৰ প্ৰাৰ্থী প্ৰহ্লাদ গোৱালাক পৰাজিত কৰাৰ ব্যৱধান আছিল ১৪৮৫৫ টা । পোণৰ তৃতীয়বাৰ প্ৰতিদ্বন্দিতা কৰি বিজেপিৰ প্ৰাৰ্থী ময়ুৰ বৰগোহাঁইক পৰাজিত কৰা ২০২১ ৰ এই নিৰ্বাচনত হোৱা ব্যৱধান হ’ল ৬৮৩ টা ভোট । দেৱব্ৰত শইকীয়াই লাভ কৰা ভোটৰ সংখ্যা হ’ ল ৫২৩৮৭ আৰু ময়ুৰ বৰগোহাঁয়ে  লাভ কৰা ভোটৰ পৰিমাণ হ’ল  ৫১৭০৪ টা । ক্ৰমশঃ ব্যৱধান কমি অহা কংগ্ৰেছৰ বিজয়ৰ আঁৰত  দলটোৱে নাজিৰাত যে গণভিত্তি হেৰুুৱাই পেলাব ধৰিছে তাৰেই প্ৰমাণ এই নিৰ্বাচনত প্ৰতিফলিত হ’ল৷