PR NEWS ASSAM নাজিৰাাঃ
নাজিৰা বাহগড়াবাসীৰ উদ্যোগত কভিদ প্ৰটকল মানি অসম আন্দোলনৰ নেতা,সাংবাদিক প্ৰয়াত পুতুল নেওগৰ “স্মৃতি চাৰণ আৰু স্মাৰক গ্ৰন্থ উন্মোচনী ” সভা অনুষ্ঠিত হয় “ll বিশিষ্ট গল্পকাৰ প্ৰবীণ সাংবাদিক তথা নাজিৰা প্ৰেছ ক্লাবৰ সভাপতি বুলু চেতিয়াই সম্পাদনা কৰা “এপলক চকুলোৰে ” নামেৰে স্মাৰক গ্ৰন্থ খন উন্মোচন কৰে শিৱসাগৰ জিলা সাহিত্য সভাৰ সভাপতি যোগ গগৈয়ে, গ্ৰন্থখন উন্মোচন কৰি গগৈয়ে প্ৰয়াত নেওগৰ বৰ্ণিল সংগ্ৰামী জীৱনৰ ওপৰত বক্তব্য আগবঢ়ায় l সমাজকৰ্মী পলদ্বীপ নেওগে আঁতধৰা অনুষ্ঠানটিত বুলু চেতিয়া, জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি উৎপল কোঁৱৰ, সাংবাদিক দ্বীপজ্যোতি বৰগোঁহাই , নাজিৰা মহকুমা ছাত্ৰ সন্থাৰ সভাপতি দেৱজিৎ গগৈ আদিয়ে পুতুল নেওগৰ জীৱন পৰিক্ৰমাৰ ওপৰত আলোকপাত কৰে ৷স্মাৰক গ্ৰন্থ খনিত অসমৰ খ্যাতনামা শিল্পী মহেন্দ্ৰ হাজৰিকাকে ধৰি বহু ব্যক্তিয়ে লিখনি আগবঢ়াইছে ৷উক্ত স্মৃতিচাৰণ সভাত যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় নেতা কূল প্ৰসাদ শইকীয়া, পলাশ কোঁৱৰ, নাজিৰা মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সহকাৰী সম্পাদক সঞ্জীৱ নেওগকে প্ৰমুখ্য কৰি বহু ব্যক্তি উপস্থিত থাকে ৷প্ৰয়াত নেওগৰ পত্নী অপৰাজিতা নেওগ, পুত্ৰ কৌশিষ আৰু -কন্যা প্লালাৱিতাই আজিৰ অনুষ্ঠানটি সুকলমে অনুষ্ঠিত হোৱা বাবে সকলোৰে প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে ৷.

