নাজিৰাত ৰাষ্ট্ৰীয় প্ৰেছ দিৱসত সাংবাদিকক দুব্যৱহাৰ অ’ এন জি চিত :অ’ এন জি চি অসম সম্পদৰ মূখ্য কাৰ্যালয়ৰ সন্মুখত সাংবাদিকৰ প্ৰতিবাদ’


PR NEWS ASSAM: ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ দিনাই নাজিৰাৰ অ’ এন জি চি অসম সম্পদৰ প্ৰৱেশ দুৱাৰত সাংবাদিকক দুব্যৱহাৰ প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰে এজন অ’এনজিচিত কতৰ্ব্যৰত নিৰাপত্তাৰক্ষীয়ে।প্ৰাপ্ত তথ্য অনুসৰি নাজিৰাৰ সংবাদ কৰ্মী জাকিৰ আখতাৰ হুচেইন আৰু এজন সংবাদ কৰ্মীক অসম সম্পদৰ আবাসিক এলেকাত সাংবাদিকৰ বৈধ নথি থকা স্বত্তেও প্ৰবেশ কৰাত বাধা দি অশ্লীল ভাষাৰে গালি গালাজ কৰি হাতত মাৰনাস্ত্ৰ লৈ প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰাক লৈ নাজিৰা সকলো সংবাদ কৰ্মীয়ে মূল প্ৰৱেশ দুৱাৰৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিছে ৷নাজিৰা আদৰ্শ থানা আৰক্ষীয়ে আহি সাংবাদিকসকলৰ ক্ষেত্ৰত ন্যায় প্ৰদানৰ আশ্বাস দিয়াত পৰিৱেশ শান্ত হয়৷ উল্লেখ্য যে,খাকী পোছাকৰ অচিলা লৈ ক্ষমতাৰ অপব্যৱ হাৰ কৰি একাংশ আৰক্ষীৰ গুণ্ডামীয়ে সৰ্বসাধাৰণ ৰাইজক বাৰুকৈয়ে জ্বলাকলা খুৱাইছে৷আগন্তুক দিনত মুখ্যমন্ত্ৰীয়ে কিদৰে এনে ঘটনাবোৰ প্ৰতিৰোধৰ ব্যৱস্থা কৰিব সিহে লক্ষণীয় দিশ হিচাবে পৰিগণিত হ’ব৷