PR NEWS ASSAM: যোৱা ইং ১৭ ডিচেম্বৰ তাৰিখে শিৱসাগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা প্ৰকাশিত অৰুণোদয় ৩.০ ৰ হিতাধিকাৰী বাচনি সমিতিখনৰ প্ৰায় সংখ্যক সমিতিৰ প্ৰতিনিধি বিভিন্ন দলৰ ৰাজনৈতিক নেতা অন্তভুৰ্ক্ত হোৱাক লৈ এতিয়া নাজিৰাত সৰৱ চৰ্চা হোৱাৰ লগতে প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰি স্বজন-তোষণৰ ৰাজনীতি হ’বলৈ নিশ্চিত দিশত আগবাঢ়িছে ৷সমাজকৰ্মীৰ নামত অধিক প্ৰতিনিধিয়েই শাসক-বিৰোধী ৰাজনৈতিক দলৰ নেতা-পালি নেতাৰ দপদপনিয়ে বহু যোগ্যজন যে হিতাধিকাৰী হিচাবে অন্তভুৰ্ক্ত হোৱাৰ আওঁতাত নাহিব সি নিশ্চিত ৷এইক্ষেত্ৰত নাজিৰাৰ যুৱ অধিবক্তা তথা সমাজকৰ্মী পংকজ মহন্তই বিষয়টোত গভীৰ উদ্বেগ প্ৰকাশ কৰি কয় যে,যদি প্ৰকৃত লোক অৰুণোদয় আঁচনিত অন্তভুৰ্ক্ত নহয়,তেন্তে নাজিৰাত গণ আন্দোলনৰ গঢ়ি তোলা হ’ব বুলি প্ৰতিটো সকীয়াই দিছে৷লগতে যোগ্য হিতাধিকাৰী বাচনিৰ ক্ষেত্ৰত জিলা আয়ুক্তৰ হস্তক্ষেপ বিচাৰিছে৷বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাক্তন জিলা পৰিষদ,পঞ্চায়ত প্ৰতিনিধি,নিৰ্বাচনত প্ৰতিদ্বন্দ্ব্বিতা কৰা প্ৰাৰ্থীৰ বাদেও দলীয় বিষয়ববীয়াই ভৰপূৰ এই অৰুণোদয় হিতাধিকাৰী আচঁনি প্ৰস্তুত কৰা হৈছে বুলি জানিবলৈ দিছে ৷
নাজিৰাত ৰাজনৈতিক নেতা- পালিনেতাৰ হাতত ভৱিষ্যত অৰুণোদয় হিতাধিকাৰীৰ৷ নিৰপেক্ষ নহ’ল বাচনি সমিতিৰ তালিকা৷
