PR NEWS ASSAM : দেশৰ ৭৪ সংখ্যক গণতন্ত্ৰ দিৱসৰ লগত সংগতি ৰাখি নাজিৰা মহকুমা প্ৰশাসনৰ উদ্যোগত নাজিৰা জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত উলহ – মালহেৰে গণতন্ত্ৰ দিৱস উদযাপন কৰা হয় ।নাজিৰা নগৰস্থিত জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত উদ্যাপিত এই গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰে নাজিৰাৰ মহকুমাধিপতি আয়ুসী জৈনে।অনুষ্ঠানত গণতন্ত্ৰ দিৱসৰ লগত সংগতি ৰাখি আয়োজিত বিভিন্ন প্ৰতিযোগিতাৰ বিজয়ীসকলক পুৰস্কাৰ প্ৰদান কৰা হয়, বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী আদি প্ৰদৰ্শন কৰা হয় নাজিৰাৰ বিধায়ক দেৱব্ৰত শইকীয়াৰ লগতে বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰী,বহু গণ্য মান্য ব্যক্তি ,সাংবাদিকসকলৰ লগতে জনসাধাৰণ উপস্থিত থাকে।
নাজিৰাত ৭৪ সংখ্যক গণতন্ত্ৰ দিৱস উদযাপন ৷
